গোসাঁইগাঁৱত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ
কোকৰাঝাৰ, ১৩ ডিচেম্বৰ (হি.স.)। ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চমুকৈ এন ডি এ ভাল ফল প্ৰদৰ্শন কৰিব৷ কিন্তু কংগ্ৰেছৰ সৈতে থকা ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু এআইইউডিএফ দল চাৰিটা মূলতঃ একেটাই দল৷এই দল কেইটাই ভিতৰত একেই৷কিন
গোসাঁইগাঁৱত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ


কোকৰাঝাৰ, ১৩ ডিচেম্বৰ (হি.স.)। ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চমুকৈ এন ডি এ ভাল ফল প্ৰদৰ্শন কৰিব৷ কিন্তু কংগ্ৰেছৰ সৈতে থকা ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু এআইইউডিএফ দল চাৰিটা মূলতঃ একেটাই দল৷এই দল কেইটাই ভিতৰত একেই৷কিন্তু মাজে সময়ে বাহিৰত আহি নাটক কৰি থাকে৷ আগন্তুক বিধানসভা নিৰ্বাচনত চাৰিওটা দলে বিশেষ ভুমিকা লব নোৱাৰিব৷এই ভাষ্য প্ৰদান কৰিছে নগৰ উন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷

গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ হাব্ৰুবিলস্থিত ইউ এন খেলপথাৰত আজি আয়োজিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ বিশাল জনসভাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ ১৪০১৮ গৰাকী মহিলাক দহ হাজাৰ টকীয়া চেক বিতৰণ কৰি নগৰ উন্নয়ন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মহিলা উদ্যমিতা আঁচনিৰ অধীনত থকা আত্মসহায়ক গোটৰ সদস্য সকলে আৰ্থিক স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে সমগ্ৰ ৰাজ্যত চল্লিশ লাখ মহিলাক সাঙুৰি লোৱা অভিলাষী আঁচনিৰ যোগেদি মহিলা সকলে নিজৰ ক্ষুদ্ৰ উদ্যোগ তথা ব্যৱসায় আৰম্ভ কৰি অৰ্থনৈতিক দিশত টনকিয়াল হ’ব পাৰে সেই প্ৰচেষ্টা আগত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা জনহিতৈষী আঁচনিৰ অধীনত বিটিচি এলেকাৰ মহিলা সকলে এই সুবিধা লাভ কৰাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ শলাগ লয়৷

অনুষ্ঠানত মন্ত্ৰী গৰাকীক আগন্তুক নিৰ্বাচনত ইউপিপিএলৰ সৈতে মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰু কয়, যিকোনো ৰাজনৈতিক দলৰ নীতি-আদৰ্শৰ আৰু লক্ষ্য উদ্দেশ্য বেলেগ৷ সেই হিচাপত প্ৰতিটো দলেই নিজৰ ইচ্ছানুসাৰে নিৰ্বাচন খেলিব৷ ইউপিপিএল দলেও তেখেত সকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷ কিন্তু নিৰ্বাচন এতিয়াও বহু দুৰ৷ এতিয়াও এই সন্দৰ্ভত কোনো আলোচনা হোৱা নাই৷

আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, বৰ্তমানে জনজাতীয় লোক সকলৰ কোনো ধৰণৰ সুবিধা কৰ্তন নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হলে অসমৰ দীৰ্ঘদিনীয়া সমস্যা এটাৰ সমাধান হ’ব৷সম্প্ৰতি ৰাজ্য চৰকাৰৰ মন্ত্ৰী গোটে প্ৰস্তুত কৰা প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব৷কেন্দ্ৰীয় চৰকাৰে বিষয়টো লৈ নিশ্চয় বিচাৰ বিবেচনা কৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷আনহাতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জছীট দাখিল সন্দৰ্ভত সাংবাদিকে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত কয়, ন্যায়ালয়ৰ ওপৰত সকলোৱে আস্থা আৰু বিশ্বাস ৰাখিব লাগিব৷ন্যায়ালয়ে নিশ্চয় জুবিন গাৰ্গক সঠিক ন্যায় প্ৰদান কৰি অপৰাধীক শাস্তি প্ৰদান কৰিব৷আনহাতে গৌৱৰ গগৈৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ থকাৰ কথা উল্লেখ কৰি অচিৰেই সকলো তথ্য ফাদিল কৰা হ’ব বুলি মন্তব্য কৰে৷

আনহাতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত বিটিচি মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই অভিলাষী আঁচনিৰ শলাগ লৈ বিটিচি এলেকাৰ সামগ্ৰিক বিকাশ, নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পুৰন কৰিবলৈ হাতত লোৱা বিভিন্ন কাৰ্যপন্থাৰ ওপৰত বক্তব্য দিয়ে৷অনুষ্ঠানত কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰী, পাৰিষদ উইলিয়াম নাৰ্জাৰী, এন্তাজ আলী, কৰ্মেশ্বৰ ৰায়, প্ৰাক্তন বিধিয়ক হেমেন্দ্ৰ নাথ ব্ৰহ্ম, প্ৰাক্তন কাৰ্যবাহী অৰূপ কুমাৰ দে, জিলা আয়ুক্ত মাছন্দা এম পাৰ্টিন সহ বহু বিশিষ্ট নাগৰিক মঞ্চত উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande