
নগাঁও, ০১ ডিচেম্বৰ (হি.স.)। নগাঁও জিলাৰ ধিঙৰ আঠগাঁও মজলীয়া বিদ্যালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । চোৰে বিদ্যালয়ৰ গুদাম ঘৰৰ দৰ্জা ভাঙি লুটি নিলে পানীৰ মটৰৰ লগতে শ্ৰেণীকোঠাৰ কেইবাখনো চিলিং ফেন । আজি পুৱা শিক্ষক শিক্ষয়ত্ৰী সকল বিদ্যালয়ত উপস্থিত হোৱাৰ পাছতহে চুৰি কাণ্ডৰ বিষয়ে অৱগত হয় ।
ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে ধিং আৰক্ষীক অৱগত কৰিছে । উল্লেখ্য যে, ধিঙত সঘনাই সংঘটিত হৈ আহিছে চুৰি কাণ্ডৰ ঘটনা । সঘনাই সংঘটিত হোৱা চুৰি কাণ্ড ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ধিঙৰ সচেতন ৰাইজ সকলে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু