আইচিআইচিআই প্ৰুডেন্সিয়েল এচেট মেনেজমেণ্টে আইপিঅ’ৰ বাবে ছেবিৰ পৰা চূড়ান্ত অনুমোদন লাভ
মুম্বাই, ০১ ডিচেম্বৰ (হি.স.)। ভাৰতৰ সৰ্ববৃহৎ সম্পত্তি ব্যৱস্থাপনা কোম্পানী আইচিআইচিআই প্ৰুডেন্সিয়েল এচেট মেনেজমেণ্ট লিমিটেডে (আইচিআইচিআই প্ৰুডেন্সিয়েল) মূলধনী বজাৰ নিয়ন্ত্ৰক ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া (ছেবি)ৰ পৰা ইয়াৰ প্ৰাৰম্ভি
आईसीआईसीआई प्रूडेंशियल कंपनी के लोगो का प्रतीकात्‍मक चित्र


মুম্বাই, ০১ ডিচেম্বৰ (হি.স.)। ভাৰতৰ সৰ্ববৃহৎ সম্পত্তি ব্যৱস্থাপনা কোম্পানী আইচিআইচিআই প্ৰুডেন্সিয়েল এচেট মেনেজমেণ্ট লিমিটেডে (আইচিআইচিআই প্ৰুডেন্সিয়েল) মূলধনী বজাৰ নিয়ন্ত্ৰক ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া (ছেবি)ৰ পৰা ইয়াৰ প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আইপিঅ’)ৰ বাবে চূড়ান্ত অনুমোদন লাভ কৰিছে। কোম্পানীটোৱে ২০২৫ চনৰ ৮ জুলাইত ছেবিত নিজৰ খচৰা ৰেড হেৰিং প্ৰস্পেক্টচ (ডি আৰ এইচ পি) দাখিল কৰিছিল।

সোমবাৰে আইচিআইচিআই প্ৰুডেন্সিয়েলে এক বিবৃতিত কয় যে ৰেড হেৰিং প্ৰস্পেক্টছৰ খচৰা আৰু আইপিঅ’ৰ চূড়ান্ত অনুমোদন লাভ কৰা হৈছে। এই আই পি অ’ সম্পূৰ্ণৰূপে প্ৰমোটাৰ প্ৰুডেন্সিয়েল কৰ্প’ৰেশ্যন হোল্ডিংছ লিমিটেডৰ অফাৰ ফৰ চেল (অ’ এফ এছ) হ’ব। বোনাছ ইছ্যুৰ পিছত প্ৰমোটাৰে সৰ্বাধিক ৪ কোটি ৯৪ লাখ ইকুইটি শ্বেয়াৰ (ফেচ ভেলু ১ টকাকৈ) বিক্ৰী কৰিব পাৰিব।

কোম্পানীটোৰ মিউচুৱেল ফাণ্ডৰ ত্ৰিমাসিক গড় এ ইউ এম ₹৮.৭৯ লাখ কোটি, যিটো বজাৰত সৰ্বাধিক। আইচিআইচিআই প্ৰুডেন্সিয়েল এচেট মেনেজমেণ্ট লিমিটেডে শীঘ্ৰে আইপিঅ’ৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে। চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ এইটোৱেই হ’ব পাৰে সৰ্ববৃহৎ এএমচি আইপিঅ’। ৰেড হেৰিং প্ৰস্পেক্টছৰ তাৰিখলৈকে কোম্পানীটোৰ ইছ্যু কৰা, চাবস্ক্ৰাইব কৰা আৰু পেইড-আপ শ্বেয়াৰ কেপিটেল ১৭,৬৫২,০৯০ টা শ্বেয়াৰ ১ ₹১কৈ।

আইচিআইচিআই ছিকিউৰিটিজ, চিটিগ্ৰুপ গ্ল’বেল মাৰ্কেটছ ইণ্ডিয়া, মৰ্গান ষ্টেনলি ইণ্ডিয়া, ব’ফএ ছিকিউৰিটিজ ইণ্ডিয়া, এক্সিছ কেপিটেল, চিএলএছএ ইণ্ডিয়া, আইআইএফএল কেপিটেল চাৰ্ভিচেছ, কোটক মহিন্দ্ৰা কেপিটেল কোম্পানী, নোমুৰা ফাইনেন্সিয়েল এডভাইজাৰী, এছবিআই কেপিটেল মাৰ্কেটছ, গোল্ডমেন চেক্স (ইণ্ডিয়া), এভেণ্ডাছ কেপিটেল, বিএনপি পাৰিবাছ, এইচডিএফচি বেংক, জেএম ফাইনেন্সিয়েল, মটিলাল ইনভেষ্টমেণ্ট এডভাইজাৰছ, নুভামা ৱেলথ মেনেজমেণ্ট, আৰু ইউবিএছ ছিকিউৰিটিজ ভাৰত হৈছে এই বিষয়টোৰ বুক ৰানিং লিড মেনেজাৰ।

মন কৰিবলগীয়া যে আইচিআইচিআই প্ৰুডেন্সিয়েল এচেট মেনেজমেণ্ট হৈছে আইচিআইচিআই বেংক আৰু ব্ৰিটেইনৰ প্ৰুডেন্সিয়েল কৰ্প’ৰেশ্যন হোল্ডিংছৰ যৌথ উদ্যোগ, যিটো ১৯৯৮ চনৰ পৰা চলি আছে।ক্ৰাইচিলৰ প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ ৩১ মাৰ্চলৈকে কোম্পানীটোৰ মিউচুৱেল ফাণ্ডৰ ত্ৰিমাসিক গড় এ ইউএম (কিউএএইউএম) আছিল ₹৮.৭৯ লাখ কোটি, যিয়ে ১৩.৩% বজাৰ অংশীদাৰিত্ব প্ৰতিনিধিত্ব কৰে, যিটো সৰ্বোচ্চ দেশত।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande