জি এছ টি ফাঁকিৰ বাবে ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰীজলৈ ৪.২৪ কোটি জৰিমনা
নতুন দিল্লী, ০৩ মাৰ্চ (হি.স.)। যোগান ধৰা সামগ্ৰীৰ ভুল শ্রেণীবিভাজন কৰি জি এছ টি ফাঁকিৰ বাবে ব্রিটানিয়া ইণ্ডাষ্ট্ৰীজক ৪.২৪ কোটি টকাৰ জৰিমনা বিহা হৈছে৷ কোম্পানীটোক মুঠ ৬.৩৭ কোটি টকাৰ জাননী জাৰি কৰা হৈছে। কোম্পানীটোৱে কয় যে এই আদেশৰ বিৰুদ্ধে উপলব্ধ
ब्रिटानिया इंडस्ट्रीज के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ০৩ মাৰ্চ (হি.স.)। যোগান ধৰা সামগ্ৰীৰ ভুল শ্রেণীবিভাজন কৰি জি এছ টি ফাঁকিৰ বাবে ব্রিটানিয়া ইণ্ডাষ্ট্ৰীজক ৪.২৪ কোটি টকাৰ জৰিমনা বিহা হৈছে৷ কোম্পানীটোক মুঠ ৬.৩৭ কোটি টকাৰ জাননী জাৰি কৰা হৈছে। কোম্পানীটোৱে কয় যে এই আদেশৰ বিৰুদ্ধে উপলব্ধ আইনী বিকল্পৰ সন্ধান কৰি আছে।

ব্ৰিটানিয়াই মঙলবাৰে ষ্টক এক্সচেঞ্জসমূহক জনাইছে যে এই আদেশ কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (চিজিএছটি) আৰু কেন্দ্ৰীয় আবকাৰী আয়ুক্ত, থানে কাৰ্যালয়ে জাৰি কৰিছে। বিষয়টো ২০২০-২১ৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সৈতে জড়িত। কোম্পানীটোৱে উল্লেখ কৰে যে এই জাননীৰ ব্যৱসায় বা বিত্তীয় অৱস্থাত কোনো বিশেষ প্ৰভাৱ নপৰে। লগতে এই নিৰ্দেশৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও স্পষ্ট কৰি দিয়ে।

যোগান ধৰা সামগ্ৰীৰ ভুল শ্ৰেণীবিভাজনৰ বাবে কৰ পৰিশোধ নকৰাৰ অভিযোগ উত্থাপন কৰি জি এছ টি আইনৰ ধাৰা ৭৪ৰ অধীনত চিজিএছটিৰ কাৰ্যালয় আৰু কেন্দ্ৰীয় আবকাৰী আয়ুক্তই এই নিৰ্দেশ জাৰি কৰিছে। বিভাগটোৱে কোম্পানীটোক ২.১২ কোটি টকা কৰ আৰু ৪.২৪ কোটি ₹ জৰিমনা দিবলৈ কয়, মুঠ চাহিদা ৬.৩৭ কোটি টকা। লগতে কোম্পানীয়ে সুত দিব লাগিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande