
নতুন দিল্লী, ০৩ মাৰ্চ (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত হ্ৰাস পাইছে সোণৰ মূল্য। সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ২,৫২০ টকাৰ পৰা ৩,১৭৫ টকাৰ ভিতৰত হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ২০,২০০ ₹ৰ যথেষ্ট জঁপিয়াই পৰা দেখা গৈছে।
সোণৰ মূল্য হ্ৰাস পোৱাৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৭০,০৬৫ টকাৰ ভিতৰত চলি আছে। একেদৰে ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,৫৬,১৪০ টকাৰ পৰা ১,৫৬,২৯০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ইফালে ৰূপৰ মূল্যবৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটোৱে আজি দিল্লীৰ অলংকাৰ বজাৰত ৩ লাখ টকীয়া সীমা অতিক্ৰম কৰি প্ৰতি কিলোগ্ৰামত বিক্ৰী হৈছেগৈ ৩,১৫,১০০ টকা।
হোলীৰ এদিন পূর্বে দিল্লীত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৭০,০৬৫ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৬,২৯০ টকা হয়গৈ । ইফালে, দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৬৯,৯১৫ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৫৬,১৪০ টকা বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৬৯,৯৬৫ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৬,১৯০ টকা।
এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেটৰ সোণৰ দৰে প্ৰতি ১০ গ্ৰামত ১,৬৯,৯১৫ টকা আৰু ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৫৬,১৪০ টকা। কলকাতাত ২৪ কেৰেটৰ সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৬৯,৯১৫ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৬,১৪০ টকা। ভূপালত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৬৯,৯৬৫ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫৬,১৯০ টকাত বিক্ৰী হৈছে।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৭০,০৬৫ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেথেটাৰ সোণ ১,৫৬,২৯০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৬৯,৯৬৫ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৬,১৯০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৭০,০৬৫ টকা, আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৫৬,২৯০ টকাত বিক্ৰী হৈছে।
সমগ্ৰ দেশৰ আন ৰাজ্যৰ দৰেই কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ দাম দুৰ্বল হৈছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৬৯,৯১৫ ₹ । একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,৫৬,১৪০ টকাৰ হাৰত বিক্ৰী হৈছে
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া