
নতুন দিল্লী, ০৩ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত বিমান যাতায়তত ভয়াৱহ প্ৰভাৱ পৰিছে। আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে একেৰাহে চতুৰ্থ দিনৰ বাবে বিমানৰ কাম-কাজ ব্যাহত হৈ পৰিছে। ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মঙলবাৰে আশীখন বিমান বাতিল কৰা হৈছে। ইয়াৰ ভিতৰত ৩৬খন বিমানৰ প্ৰস্থান আৰু ৪৪খনৰ আগমন বাতিল কৰা হৈছে।
ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতৰ বাবে উপসাগৰীয় কেইবাখনো দেশে আকাশমাৰ্গত বাধা বা আংশিকভাৱে বন্ধ কৰি দিছে। নিৰাপত্তাজনিত চিন্তাৰ বাবে বহু আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাই নিজৰ পথ সলনি কৰাৰ বিপৰীতে একাংশই সতৰ্কতা অৱলম্বন কৰি বিমান সেৱা বাতিল কৰিছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ নতুন দিল্লীৰ পৰা উপসাগৰীয় দেশ আৰু ইউৰোপলৈ বিমান সেৱাত পৰিছে।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতীয় বিমান সংস্থাসমূহে বিগত দুদিনত ক্ৰমবৰ্ধমান উত্তেজনাৰ বাবে মুঠ ৭৬০খন আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰিছে। উপসাগৰীয় অঞ্চলৰ কেইবাটাও আকাশমাৰ্গ বন্ধ হোৱাৰ ফলত পশ্চিম দিশলৈ উৰণৰ সময়সূচীত সৰ্বাধিক প্ৰভাৱ পৰিছে। ৩ মাৰ্চলৈকে উপসাগৰীয় দেশসমূহলৈ বিমান সেৱা বন্ধ কৰি দিছে আকাছা এয়াৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া