পশ্চিম এছিয়াত উত্তেজনাই ভাৰতৰ বৃদ্ধিৰ হাৰত প্ৰভাৱ পেলোৱাৰ আশংকা, বিএমআইৰ প্ৰতিবেদনত সকীয়নী
নতুন দিল্লী, ০৩ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাই বিশ্ব অৰ্থনীতিত প্ৰভাৱ পেলাব বুলি অনুমান কৰা হৈছে। এই সামৰিক উত্তেজনাই ভাৰতৰ অৰ্থনৈতিক বিকাশতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বিত্তীয় তথ্য সেৱা প্ৰদানকাৰী তথা আন্তঃৰাষ্ট্ৰীয় ৰেটিং এ
प्रतीकात्मक


নতুন দিল্লী, ০৩ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাই বিশ্ব অৰ্থনীতিত প্ৰভাৱ পেলাব বুলি অনুমান কৰা হৈছে। এই সামৰিক উত্তেজনাই ভাৰতৰ অৰ্থনৈতিক বিকাশতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বিত্তীয় তথ্য সেৱা প্ৰদানকাৰী তথা আন্তঃৰাষ্ট্ৰীয় ৰেটিং এজেন্সী ফিচ গ্ৰুপৰ বিভাগ বিএমআইয়ে শেহতীয়া প্ৰতিবেদনত সকীয়াই দিছে যে পশ্চিম এছিয়াত সামৰিক উত্তেজনাই ভাৰতৰ অৰ্থনৈতিক বিকাশত প্ৰভাৱ পেলাব পাৰে। তদুপৰি এই ভূ-ৰাজনৈতিক উত্তেজনাই বিনিয়োগকাৰীৰ আৱেগক প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ দ্বাৰা ইউৰোপীয় সংঘকে ধৰি কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি (এফটিএ) আৰু আমেৰিকাৰ সৈতে সংশোধিত বাণিজ্যিক চুক্তিৰ পৰা ভাৰতৰ সুবিধা আংশিকভাৱে ক্ষতিপূৰণ হ’ব পাৰে।

বিএমআইৰ শেহতীয়া ইণ্ডিয়া আউটলুক প্ৰতিবেদনত অহা বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ পূৰ্বাভাস ৭ শতাংশত ৰখা হৈছে। সংস্থাটোৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২৬ চনত নীতিগত অনিশ্চয়তা তুলনামূলকভাৱে নিয়ন্ত্ৰণত আছে যদিও এতিয়া আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ লগতে উপসাগৰীয় দেশসমূহৰ ওপৰত ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণৰ লগে লগে পৰিস্থিতি দ্ৰুতগতিত সলনি হোৱা যেন লাগে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পশ্চিম এছিয়াত সামৰিক উত্তেজনাই নীতিগত অনিশ্চয়তা বৃদ্ধি কৰিব পাৰে। এই সংঘাত বৃদ্ধি পোৱাৰ লগে লগে নীতিগত অনিশ্চয়তাও বৃদ্ধি পাব। ইয়াৰ ফলত বিশ্বজুৰি বিনিয়োগকাৰীসকল নিৰুৎসাহিত হ’ব, যাৰ ফলত ভাৰতৰ বিনিয়োগত স্পষ্টভাৱে প্ৰভাৱ পৰিব। বিনিয়োগৰ এই হ্ৰাসে ইউৰোপীয় সংঘ আৰু আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ সম্ভাৱ্য লাভৰ ওপৰতো প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত বাৰে বাৰে আক্ৰমণ চলাই ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইকে ধৰি কেইবাজনো বিশিষ্ট নেতাক হত্যা কৰিছিল। এই আক্ৰমণৰ পিছত ইৰানে প্ৰতিশোধ লয় ইজৰাইল আৰু উপসাগৰীয় দেশসমূহৰ আমেৰিকাৰ সামৰিক ঘাটিৰ লগতে ডুবাই আৰু ডোহাৰ দৰে বিশ্বব্যাপী ব্যৱসায়িক কেন্দ্ৰসমূহক ড্ৰোন আৰু মিছাইল আক্ৰমণৰ দ্বাৰা লক্ষ্য কৰি। ইৰানে হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজকো সম্ভাৱ্য আক্ৰমণৰ বিষয়ে সকীয়াই দিছে।

হৰমুজ জলদ্বীপক বিশ্বব্যাপী খাৰুৱা তেলৰ যোগানৰ বাবে এক প্ৰধান পথ হিচাপে গণ্য কৰা হয়। বিএমআইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যদিহে হৰমুজৰ জৰিয়তে খাৰুৱা তেলৰ যোগান ব্যাহত হয় তেন্তে ইয়াৰ ফলত শক্তি খণ্ডত যথেষ্ট প্ৰভাৱ পৰিব। বিশেষকৈ খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ০.৫০ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে।

প্ৰায় ৩৩ কিলোমিটাৰ দৈৰ্ঘ্য হৰমুজ জলদ্বীপত বিশ্বৰ খাৰুৱা তেলৰ এক উল্লেখযোগ্য অংশ কঢ়িয়াই নিয়া হয়। পশ্চিম এছিয়াত সামৰিক উত্তেজনা বৃদ্ধি পোৱাৰ পিছত ইৰাণে মালবাহী জাহাজসমূহক এই পথৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছে। এই সতৰ্কবাণীৰ পিছতে বীমা কোম্পানীসমূহে এই পথৰ পৰা পাৰ হৈ যোৱা মালবাহী জাহাজৰ পৰা বীমা কভাৰেজ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে, যাৰ ফলত ভাৰতকে ধৰি বহু দেশৰ সেৱা আগবঢ়োৱা তেল টেংকাৰৰ চলাচলত প্ৰভাৱ পৰিছে। বিএমআইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ৮৮ শতাংশ খাৰুৱা তেল ক্ৰয় কৰে। গতিকে খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু হৰমুজ জলদ্বীপৰ মাজেৰে যোগানত ব্যাঘাত জন্মা ভাৰতৰ বাবে এক উল্লেখযোগ্য অৰ্থনৈতিক বোজাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত ভাৰতৰ অৰ্থনৈতিক বিকাশত প্ৰভাৱ পৰিব পাৰে।

অৱশ্যে একেখন প্ৰতিবেদনতে ভাৰতে শেহতীয়াকৈ কেইবাখনো দেশৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত কৰা বুলিও উল্লেখ কৰিছে। এই বাণিজ্যিক চুক্তিসমূহে ভাৰতৰ অৰ্থনৈতিক বিকাশত ইতিবাচকভাৱে লাভৱান হ’ব পাৰে। বিএমআইৰ প্ৰতিবেদনত ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি সন্দৰ্ভত হোৱা চুক্তিৰ কথাও উল্লেখ কৰা হৈছে। এই বাণিজ্যিক চুক্তিৰ অন্তৱৰ্তীকালীন চুক্তিত আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক ১৮ শতাংশলৈ হ্ৰাস কৰিবলৈ সন্মত হৈছিল। ইফালে আমেৰিকাৰ উচ্চতম ন্যায়ালয়েও ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰোপ কৰা পাৰস্পৰিক শুল্ক বাতিলৰ নিৰ্দেশ দিয়ে।

এই আদালতৰ সিদ্ধান্তৰ পিছতে আমেৰিকাই ২৪ ফেব্ৰুৱাৰীৰ পৰা অহা ১৫০ দিনৰ বাবে সকলো দেশৰ ওপৰত নতুন ১০ শতাংশ শুল্ক ঘোষণা কৰে। ঠিক পিছদিনা ২৫ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ট্ৰাম্পেও শুল্ক ১৫ শতাংশলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশ এতিয়াও জাৰি কৰা হোৱা নাই।

আমেৰিকা-ভাৰত বাণিজ্যিক চুক্তিৰ উপৰিও শেহতীয়াকৈ ইউৰোপীয় সংঘৰ লগতে আন কেইবাখনো দেশৰ সৈতেও ভাৰতে মুক্ত বাণিজ্য চুক্তি (এফটিএ) কৰাত সফল হৈছে, যিবোৰ আইনী অনুমোদনৰ পিছত অহা এবছৰৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে। বিএমআইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যদিহে এই বাণিজ্যিক চুক্তিসমূহ সফলতাৰে ৰূপায়ণ কৰা হয় তেন্তে ভাৰতৰ জিডিপি বৃদ্ধিৰ সম্ভাৱনা বৰ্তমানৰ অনুমানতকৈও অধিক হ’ব পাৰে। কিন্তু ভাৰতৰ জিডিপি বৃদ্ধিৰ ওপৰত বাণিজ্য চুক্তিৰ ইতিবাচক প্ৰভাৱ বহুলাংশে নিৰ্ভৰ কৰিব পশ্চিম এছিয়াত সামৰিক উত্তেজনা কিমান দিনলৈ চলি থাকিব আৰু ইয়াৰ প্ৰভাৱ খাৰুৱা তেলৰ যোগানত কিমানখিনি পৰে তাৰ ওপৰত।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande