জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীৰে জুবিন ক্ষেত্ৰলৈ পদ যাত্ৰা সাপেখাতিৰ দুই যুৱকৰ
নগাঁও, ২৯ অক্টোবৰ (হি.স.)। খোজ কাঢ়ি জুবিন ক্ষেত্ৰলৈ যাত্ৰা কৰিছে চৰাইদেউৰ দুই জুবিন অনুৰাগীয়ে। চৰাইদেউ জিলাৰ অন্তৰ্গত সাপেখাতিৰ পৰা দুজন যুৱকে খোজ কাঢ়ি যাত্ৰা আৰম্ভ কৰিছিল সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ। দহ দিনৰ অন্তত যোৱাকালি মঙলবাৰে নিশা ৰহাত আহি
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীৰে জুবিন ক্ষেত্ৰলৈ পদ যাত্ৰা সাপেখাতিৰ দুই যুৱকৰ


নগাঁও, ২৯ অক্টোবৰ (হি.স.)। খোজ কাঢ়ি জুবিন ক্ষেত্ৰলৈ যাত্ৰা কৰিছে চৰাইদেউৰ দুই জুবিন অনুৰাগীয়ে। চৰাইদেউ জিলাৰ অন্তৰ্গত সাপেখাতিৰ পৰা দুজন যুৱকে খোজ কাঢ়ি যাত্ৰা আৰম্ভ কৰিছিল সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ।

দহ দিনৰ অন্তত যোৱাকালি মঙলবাৰে নিশা ৰহাত আহি উপস্থিত হৈছিল যুৱক দুজন ।নিশাটো ৰহাত কটায় আজি পুৱাৰে পৰা‌ পুনৰ আৰম্ভ কৰিছে পদ যাত্ৰা।‌ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীৰে জুবিন ক্ষেত্ৰলৈ পদ যাত্ৰা কৰিছে বিতুপন গগৈ আৰু শান্তনু চেতিয়া নামৰ যুৱকদ্বয়ে ।

উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল, পদযাত্ৰা ইত্যাদি। লগতে জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande