
শোণিতপুৰ, ২৯ অক্টোবৰ (হি.স.)। ৰাজ্যৰ একাধিক স্থানত সম্প্ৰতি বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰম্ভ হৈছে চৰকাৰী অভিযান৷ একেদৰে তেজপুৰতো বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ লগতে বিকাশ শইকীয়া নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তেজপুৰ আৰক্ষীয়ে তেজপুৰ সদৰ থানাত ভাৰতীয় ন্যায় সংহিতা আইন১২৬(২)/২৯৬/১১৭(২)/৩৫১(২)/৩০৮(২)৩(৫) ধাৰাত পঞ্জীভূক্ত হোৱা ৫২০/২৫ নম্বৰ গোছৰৰ অনুসৰি বিকাশ শইকীয়া নামৰ তেজপুৰ চানমাৰী লালমাটি অঞ্চলৰ যুৱক জনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি, যোৱা ২৫জুলাইৰ পুৱা প্ৰায় ১০:৩০ বজাত নগাওঁ জিলাৰ উলুৱনী থানাৰ অন্তৰ্গত চুলুঙৰ পৰা জাকিৰ হুছেইন আৰু ৰহম্মতুল্লা নামৰ যুৱকসহ এটা দহজনীয়া দল এএছ ০০ চিচি ৮৭৭৯ নম্বৰৰ বাহনৰে তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকী সমীপৱৰ্তী পৰোৱা চাৰিআলিত উপস্থিত হোৱাৰ সময়ত ধৃত বিকাশে গাড়ীখন ৰখাই দলটোক অশ্ৰাব্য গালি গালাজ কৰে৷ তদুপৰি অভিযোগকাৰী জাকিৰ আৰু বন্ধু ৰহম্মতুল্লাক বাংলাদেশী বুলি শাৰিৰীকভাবে অপদস্থ কৰি আঠু কঢ়াই নিজকে লাচিত সেনাৰ বুলি কৈ ১০ হেজাৰ টকা দাবী কৰে।
ঘটনা সন্দৰ্ভত জাকিৰ হুছেইনে তেজপুৰ সদৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত শোণিতপুৰৰ আৰক্ষীয়ে আজি বিকাশ শইকীয়াক গ্ৰেপ্তাৰ কৰিছে। শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই সদৰি কৰা অনুসৰি ধৃত বিকাশ বীৰ লাচিত সেনাৰ সদস্য আৰু যোৱা জুলাই মাহত এটা ছয়-সাত জনীয়া দলৰ স’তে তেজপুৰত মাৰপিট কৰি ধন দাবী কৰাৰ অভিযোগতো বিকাশ ক কৰায়ত্ব কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকজনে প্ৰকাশ কৰা অনুসৰি অভিযুক্ত বিকাশৰ আনকেজন সংগীকো কৰায়ত্ব কৰাৰ বাবে আৰক্ষীয়ে অভিযান চলাই আছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ