
শোণিতপুৰ, ২৯ অক্টোবৰ (হি.স.)। শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৫ খন নিৰ্বাচিত বিদ্যালয়ত আজি “গ্ৰেট অসম স্কুল শ্বেকআউট প্ৰগ্ৰেম (জিএএছএছপি) ২০২৫” সফলতাৰে অনুষ্ঠিত হয়। অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যজুৰি গ্ৰহণ কৰা কাৰ্যসূচীৰ অধীনত শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই অনুশীলনৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ লক্ষ্য আছিল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী সকলক দুৰ্যোগৰ সময়ত লবলগীয়া সাৱধানতা, প্ৰস্তুতিৰ ব্যৱস্থা বৃদ্ধি আৰু সজাগতা সৃষ্টি কৰা ।
ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সুৰক্ষাৰ সন্দৰ্ভত অনুশীলন (মক ড্ৰিলসমূহ) নিৰ্দিষ্ট বিদ্যালয় সমূহত একেসময়তে পুৱা ১০:৩০ বজাত সম্পন্ন কৰা হয়, য’ত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী সকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে “ড্ৰপ, কভাৰ আৰু হোল্ড”ৰ মূল সুৰক্ষা কাৰ্য্যসমূহ প্ৰদৰ্শন কৰে আৰু নিজ নিজ বিদ্যালয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ তত্বাৱধানত ডিডিআৰএফ আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱকৰ দ্বাৰা পদ্ধতিগতভাৱে নিৰ্দিষ্ট স্থান খালী কৰাৰ পদ্ধতিৰ অনুশীলন কৰে।
জিলাখনৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলে বিভিন্ন শৈক্ষিক খণ্ড সমূহৰ মাজত অনুশীলনসমূহ সুচাৰুৰূপে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ নিৰীক্ষণ কৰে। বৰচলাৰ সম-জিলা আয়ুক্ত তথা শোণিতপুৰৰ ডিডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী কমল বৰুৱাই হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়; প্ৰকল্প বিষয়া (প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ), এএচডিএমএ, আৰু জিএএচএচপি২০২৫, শোণিতপুৰ জিলাৰ ৰাজ্যিক ন'ডেল বিষয়া শ্ৰী কিশোৰ দত্তই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চিলভাৰ জুবিলী নিম্ন প্ৰাথমিক বিদ্যালয়; আৰু শোণিতপুৰ জিলাৰ ডি পি অ’, ডি ডি এম এ, শ্ৰী পাৰ্থ প্ৰতীম শৰ্মাই গাভৰুস্থিত সুৰ্যোদয় উচ্চ মাধ্যমিক বিদ্যালয়, উপস্থিত থাকে। জিলা প্ৰশাসন আৰু ডিডিএমএ, শোণিতপুৰৰ অন্যান্য বিষয়াসকলেও নিৰ্দিষ্ট বিদ্যালয় সমূহত আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে ।
শোণিতপুৰ জিলাৰ শিক্ষা খণ্ডৰ ভিতৰত দুৰ্যোগৰ বাবে প্ৰস্তুতি শক্তিশালী কৰা আৰু সঁহাৰিৰ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই অনুশীলনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ