
শোণিতপুৰ, ২৯অক্টোবৰ (হি স)।
তেজপুৰৰ গণেশঘাট স্হিত শোণিতপুৰ জিলা জনতা দল(সংযুক্ত)ৰ কাৰ্যালয় চৌহদৰ লগতে সন্মুখৰ অংশক একাংশ অসামাজিক লোকে সুৰা আৰু আন মাদক দ্ৰব্যৰ আড্ডাৰ স্থলীত পৰিণত কৰাৰ অভিযোগ উঠিছে ৷ উল্লেখযোগ্য যে, এসময়ত জনতা দলৰ হৈ লোকসভা নিৰ্বাচনত জয়ী হৈ তেজপুৰক প্ৰতিনিধিত্ব কৰা সাংসদ প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিংহৰ বিয়োগৰ পাছত জিলাখনত জনতা দলৰ সাংগঠনিক ভেটি প্ৰায় শূন্য হৈ পৰে ৷ ইয়াৰে সুযোগলৈ প্ৰয়াত সিংহৰ দ্বাৰা স্হাপিত জনতা দলৰ কাৰ্যালয়চৌহদৰ মাটিত গঢ়ি উঠে একাধিক দোকান আৰু দলটোৰ একাংশই এয়া ভাড়া দি ইয়াৰ পৰা উপাৰ্জনৰ পথ মোকলাই লয় বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে অৱহেলা আৰু মেৰামতিৰ অভাবত এই কাৰ্যালয়টো জহিখহি যাবলৈ ধৰে ৷
কাৰ্যালয় চৌহদটোত কোনো বেৰা নথকাৰ সুযোগলৈ একাংশই নিশা সন্ধ্যা হ’লেই ইয়াত সুৰাৰ আড্ডা বহুৱাবলৈ লয় ৷ আনকি এন্ধাৰৰ সুযোগ লৈ একাংশ উশৃংখল যুৱক যুৱতীৰ আড্ডাৰ স্হলিত পৰিণত হোৱাৰ ফলত তেজপুৰৰ ঐতিহ্যমণ্ডিত পৰ্যটন স্থলী গণেশ ঘাটৰ পৰিৱেশতো নেতিবাচক প্ৰভাৱ পৰে ৷ আনহাতে, এই কাৰ্যালয় আৰু ভূমিও একাংশই ব্যক্তিগত সম্পত্তিৰ দৰেই ব্যৱহাৰ কৰিবলৈ লোৱা তথা সময়ৰ সুযোগ গ্ৰহণ কৰি আত্মসাত কৰিবলৈ লোৱাৰ চেষ্টা চলোৱা বুলি তেজপুৰৰ বিভিন্ন মহলত চৰ্চিত হৈ থকাৰ সময়তে কিছুদিন পূৰ্বে জনতা দলে অসম ৰাজ্যিক সমিতিৰ উপ সভাপতি হিচাপে নিয়োগ কৰে প্ৰয়াত সাংসদ ড° পূৰ্ণ নাৰায়ণ সিংহৰ কন্যা ৰঞ্জিতা সিংহ দত্তক৷ তেওঁ ইয়াৰ পিছতে শোণিতপুৰৰ লগতে বিশ্বনাথ তথা লখিমপুৰলৈকে জনতা দলৰ সদস্য ভৰ্ত্তিৰ উপৰি সাংগঠনিক কামকাজ চলাই নিয়াৰ বাবে চেষ্টা চলোৱাৰ সমান্তৰাল ভাবে জহিখহি যাবলৈ ধৰা কাৰ্যালয়তো মেৰামতি কৰাৰ লগতে কাৰ্যালয় চৌহদটো সুৰক্ষিত কৰাৰ বাবে পকী দেৱাল দিয়াৰ কাম আৰম্ভ কৰে৷ কিন্তু ইমান দিনে প্ৰায় গৰাকীবিহীন ভাবেই পৰি থকা কাৰ্যালয়টো এনে দৰে সক্ৰিয় কৰি তুলিবলৈ কৰা চেষ্টাৰ ফলত একাংশৰ সান্দহ খোৱা বালি বুৰ যোৱাৰ আশংকাত কাৰ্যালয়ৰ ভূমি একপ্ৰকাৰ বেদখল কৰি দোকান দিয়া তথা নিশা হ’লেই এক অসুস্থ পৰিৱেশৰ সৃষ্টি কৰা একাংশ খৰ্গহস্ত হৈ জনতা দলৰ কাৰ্যালয়টোৰ মেৰামতি তথা চৌহদত বেৰা দিয়া কাৰ্যত বাধা আৰোপ কৰে ৷
এই সন্দৰ্ভত ইতিমধ্যে দলটোৰ ৰাজ্যিক উপসভাপতি দত্তই শোণিতপুৰৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক সবিশেষ অৱগত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷ উল্লেখযোগ্য যে,কাৰ্যালয়টো মেৰামতি কৰিবলৈ লোৱাৰ সময়তে এনে একাংশই আনকি ভয় ভাবুকি তথা অশ্ৰাব্য গালিগালাজ কৰি বাধা দিবলৈ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপিত হৈছে৷ প্ৰণিধানযোগ্য যে, দলটো তেজপুৰ তথা শোণিতপুৰত বিগত সময়ত অস্তিত্বহীন হৈ পৰাৰ সুযোগতে তেজপুৰৰ গণেশ ঘাটৰ দৰে এক স্থানত থকা দলটোৰ ভূমি বেদখল কৰাৰ তথা আত্মসাতৰ ষড়যন্ত্ৰ কৰা বুলিও সম্প্ৰতি ব্যাপক ভাবে চৰ্চিত হৈছে আৰু এই ক্ষেত্ৰত দলটোৰ ৰাজ্যিক উপসভাপতি ৰঞ্জিতা সিংহ দত্ত বাধা হৈ পৰাৰ বাবেই তেওঁক কাৰ্যলয়টো মেৰামতিৰ কৰাত এইদৰে হকা বাধা কৰা হৈছে বুলিও অভিযোগ উঠিছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ