(আপডেট) ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন থিতাতে নিহত
দৰং, ২৯ অক্টোবৰ (হি.স.): দৰং জিলাৰ ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি মঙ্গলবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত দুই মটৰ চাইকেল আৰোহী থিতাতে নিহত হয়। সম জিলা কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনা। প্ৰাপ্ত তথ
(আপডেট) ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন থিতাতে নিহত


দৰং, ২৯ অক্টোবৰ (হি.স.): দৰং জিলাৰ ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি মঙ্গলবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত দুই মটৰ চাইকেল আৰোহী থিতাতে নিহত হয়। সম জিলা কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি এখন মটৰ চাইকেলত অহা তিনিজন যুৱক দুৰ্ঘটনাত পতিত হয়। ইয়াৰে দুজন মটৰ চাইকেল আৰোহী থিতাতে নিহত হয়। আনহাতে এজন আহত হয়। পথ দুৰ্ঘটনাত নিহত যুৱকদ্বয় ছানিদুল আলি (১৮)

মোবাৰক আলি (১৮)বুলি পৰিচয় পোৱা গৈছে। দুৰ্ঘটনাটোত পতিত হোৱা মটৰ চাইকেলখনৰ খনৰ পঞ্জীয়ন নম্বৰ এএছ ২৫ কিউ ০৯৭৬ বুলি জনা গৈছে। ইফালে প্ৰত্যক্ষদৰ্শীৰ মতে মঙলদৈ অভিমুখে যোৱা এখন ট্ৰাকে মটৰ চাইকেলখনত খুন্দা মাৰি গুচি যায়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে আহত জনৰ চিকিৎসাৰ ব্যৱস্থা কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande