
গোৱালপাৰা, ২৯ অক্টোবৰ (হি.স.): গোৱালপাৰা জিলাৰ মাটিয়াৰ গাৰোমাৰীত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক কৰা হৈছে। মাটিয়া থানাৰ অন্তৰ্গত শিমলীতোলা পৰা মাটিয়া অভিমূখে গৈ থাকোতে দুই ড্ৰাগছ সৰবৰাহকাৰীক মাটিয়া আৰক্ষীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী নিপু মনি চৌধুৰীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আটক কৰে ।
জানিব পৰা মতে বৰপেটা জিলাৰ আলোপতি মাজৰচৰৰ ছফিকুল ইছলাম (৩০) আৰু আৱালুৰ ৰহমান (৩২) নামৰ লোক দুজনক মাটিয়া আৰক্ষীয়ে আটক কৰে । কালি সন্ধিয়া প্ৰায় ৭ বজাত শিমলীতোলা পৰা মাটিয়া অভিমুখে এখন বাইকেৰে গৈ থকা অৱস্থাত মাটিয়া আৰক্ষীয়ে খেদি খেদি গাৰোমাৰীত আটক কৰে উক্ত দুই ড্ৰাগ্ছ সৰবৰাহকাৰীক । ড্ৰাগ্ছ সৰবৰাহকাৰীৰ সৈতে মুঠ ৪৫ টা ড্ৰাগ্ছ ভৰ্তি কন্টেইনাৰ, দুটা ম'বাইল আৰু এখন বাইক আৰক্ষীয়ে জব্দ কৰে । এই ঘটনাৰ বাবে মাটিয়া আৰক্ষীৰ নিপুমনি চৌধুৰীক সচেতন ব্যক্তিসকলে ধন্যবাদ জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ