নগাঁৱৰ চামাদাৰপট্টিত সদৰ আৰক্ষীৰ অভিযানত ভাং জব্দ
নগাঁৱৰ চামাদাৰপট্টি দলংৰ সমীপত সদৰ আৰক্ষীৰ অভিযান।
নগাঁৱৰ চামাদাৰপট্টিত সদৰ আৰক্ষীৰ অভিযানত ভাং জব্দ


নগাঁও, ২৭ অক্টোবৰ (হি.স.): নগাঁৱৰ চামাদাৰপট্টিত অবৈধ ভাৱে সৰবৰাহ কৰা ভাং জব্দ কৰা হৈছে। নগাঁৱৰ চামাদাৰপট্টিত সদৰ আৰক্ষীয়ে চলাইছিল এই অভিযান। এই সন্দৰ্ভত এজন লোকক আটক কৰা হৈছে।

সদৰ আৰক্ষীয়ে যোৱা কালি দেওবাৰে সন্ধিয়া এই অভিযান চলাইছিল। আৰক্ষীৰ অভিযানত প্ৰায় ৭ কেজি ৯০০ গ্ৰাম ওজনৰ ভাং জব্দ কৰা হৈছে। আৰক্ষীৰ অভিযানত মফিজুৰ ৰহমান নামৰ এজন লোকক আটক কৰা হয়। এই ভাং সৰবৰাহ সম্পৰ্কে আৰক্ষীয়ে লোক জনক হোৱা পোছাক অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande