দেৰগাঁৱত ভুৱা চিকিৎসক আটক
দেৰগাঁৱত ভুৱা চিকিৎসক আটক।
দেৰগাঁৱত ভুৱা চিকিৎসক আটক


গোলাঘাট, ২৬ অক্টোবৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত ভুৱা চিকিৎসক আটক কৰা হৈছে । শনিবাৰ বিয়লি দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ সমীপৰ পৰা দেৰগাঁও আৰক্ষীয়ে আটক কৰে ৰঞ্জিত চন্দ্ৰ সেন নামৰ ৫৭ বছৰীয়া ভুৱা আয়ুৰ্বেদিক চিকিৎসক এজনক।

জানিব পৰামতে, ২০২৩ চনৰ পৰা হাজৰিকা আয়ুৰ্বেদিক নামৰ এটা প্ৰতিষ্ঠানত আয়ুৰ্বেদিক চিকিৎসক হিচাপে সেৱা আগ বঢ়াই আহিছিল এই চিকিৎসক জনে। পূব কাৰ্বি-আংলঙ জিলাৰ পুৰণা বৰপথাৰৰ স্থায়ী বাসিন্দা ৰঞ্জিত চন্দ্ৰ সেন। জানিব পৰা মতে কলিকতাৰ এখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰৰে তেওঁ আয়ুৰ্বেদিক চিকিৎসক হিচাপে কৰ্মৰত আছিল। কিন্তু ২০২১ চনতে ভাৰত চৰকাৰে সেই চিকিৎসালয় খন নিষিদ্ধ ঘোষণা কৰা হৈছিল। ইফালে আৰক্ষীৰ তথ্যৰ মতে অসম মেডিকেল কাউন্সিল (Assam Medical council)ৰ অধীনত তেওঁৰ কোনো ধৰণৰ পঞ্জীয়ন নাছিল। সম্প্ৰতি ভুৱা চিকিৎসক জন দেৰগাঁও আৰক্ষী থানাৰ আলহী হৈ আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande