গৌৰীপুৰ বাণীয়ামাৰীত নৃশংস হত্যাকাণ্ড
গৌৰীপুৰ বাণীয়ামাৰীত নৃশংস হত্যাকাণ্ড।
গৌৰীপুৰ বাণীয়ামাৰীত নৃশংস হত্যাকাণ্ড


ধুবুৰী, ২৫ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ বাণীয়ামাৰীত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। যোৱা কালি শুকুৰবাৰৰ নিশা সংঘটিত হয় নৃশংস হত্যাকাণ্ডৰ ঘটনা। দেওৰেকৰ চুৰীৰ আঘাতত মৃত্যু হয় বৌয়েকৰ।

হত্যাৰ বলি হোৱা মহিলা গৰাকীৰ নাম ছামিৰণ নেছা বুলি জনা গৈছে।হত্যাকাৰী যুৱক জনৰ নাম ফৰিজ উদ্দীন বুলি কোৱা হৈছে। ইফালে বৌয়েকক চুৰীৰে আঘাত কৰিয়েই পলায়ন কৰে দেওৰেক ফৰিজ উদ্দীনে। এই হত্যাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। চুৰীৰ আঘাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক পিছত ধুবুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আধা ৰাস্তাতে মৃত্যু হয় মহিলাগৰাকীৰ। এই সন্দৰ্ভত গৌৰীপুৰ থানাৰ আঠানি আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande