দক্ষিণ কামৰূপৰ গৰৈমাৰীত চুৰিকাণ্ড
দক্ষিণ কামৰূপৰ গৰৈমাৰীত চুৰিকাণ্ড৷
দক্ষিণ কামৰূপৰ গৰৈমাৰীত চুৰিকাণ্ড


কামৰূপ, ২৬ অক্টোবৰ (হি.স.): দক্ষিণ কামৰূপৰ গৰৈমাৰীত যোৱা কালি শনিবাৰে নিশা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ গৰৈমাৰীৰ ই কাৰ্ট ডেলিভাৰী (E-Kart Delivery) কেন্দ্ৰত সংঘটিত হৈছিল এই চুৰিকাণ্ড৷

কেন্দ্ৰটোৰ শ্বাৰ্টাৰৰ তলা ভাগি সংঘটিত কৰে চুৰিকাৰ্য৷ চোৰে চিচিটিভি কেমেৰা কৌশলেৰে দিশ সলাই সংঘটিত কৰে চুৰিকাৰ্য৷ অৱশ্যে কেন্দ্ৰৰ ভিতৰৰ কেমেৰাত চোৰটোৱে মূৰত কাপোৰ বান্ধি চুৰিকাৰ্য সংঘটিত কৰা দৃশ্য দেখা যায়৷ কেন্দ্ৰটোৰ ভিতৰৰ গডড্ৰেছ ভাগি চোৰে নগদ ৩ লক্ষাধিক টকাৰ উপৰি মূল্যৱান সামগ্ৰী লুটি নিয়া বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে। এই চুৰি কাৰ্যৰ আৰক্ষীয়ে তদন্ত অব্য়াহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande