
মৰিগাঁও, ২৭ অক্টোবৰ (হি.স.): মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত সৰুছলাত ঘটিছে এক আজৱ কাণ্ড। স্বামী ঘৰত নথকা সুযোগত পত্নীয়ে পতিগৃহৰ পৰা লুটি নিলে ১ লাখ ৬০ হেজাৰ টকা।
জানিব পৰা মতে, সৰুছলাৰ ৰমজান আলীৰ পুত্ৰ আতাবুৰ ৰহমানৰ লগত ৰূপহী হাটৰ লাওখোৱাৰ মাইনুল ইছলামৰ কণ্যা মানিক জানৰ সৈতে ৩ বছৰ ৬ মাহ পুৰ্বে বিবাহ হৈছিল । বিয়াৰ পিছৰে পৰাই ভালে ভালে দিন অতিবাহিত হৈছিল যদিও আজি এসপ্তাহ ধৰি আতাবুৰ ৰহমানৰ শশুৰেক মাইনুল ইছলাম আৰু শাহুৱেক ৰহিমা খাতুনে নানা ধৰণে আতাবুৰ ৰহমানক মানসিক অত্যাচাৰ কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে। আতাবুৰ ৰহমানৰ শাহুৱেক ৰহিমা খাতুনৰ কু-পৰামৰ্শ দিয়াৰ পিছতেই দেওবাৰে দিনৰ ১০ মান বজাত পত্নী মানিক জানে স্বামী গৃহত নথকা সুযোগত স্বামীৰ টেবুলৰ পৰা ৬০ হাজাৰ টকা আৰু ভাতৃ তথা দেওৰেক মতিবুৰ ৰহমানৰ গডৰেজৰ তলা ভাঙি চিএছপিৰ এক লাখ টকাসহ মুঠ ১,৬০,০০০ টকাৰ লগতে দুই বছৰীয়া পুত্ৰ সন্তানক লৈ যায়। ইপিনে স্বামী আতাবুৰ ৰহমান উপায় বিহীন হৈ পত্নী মানিক জান, শহুৰ মাইনুল ইছলাম আৰু শাহুৱেক ৰহিমা খাতুনৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ