গোঁসাইগাঁৱত তীৰ জুৱাৰ মুকলি বেহা
গোঁসাইগাঁৱত তীৰ জুৱাৰ মুকলি বেহা,আৰক্ষী নীৰৱ।
গোঁসাইগাঁৱত তীৰ জুৱাৰ মুকলি বেহা


কোকৰাঝাৰ, ২৯ অক্টোবৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ বিভিন্ন এলেকাত এজেণ্টৰ দ্বাৰা তীৰ মাফিয়াই জুৱাৰ মুকলি বেহা অব্যাহত ৰাখিছে। গোঁসাইগাঁৱৰ তিনিআলি বজাৰ, হাব্ৰুবিল পিচমাতা, ভাওঁৰাগুৰী, তুলসীবিল আদি বিভিন্ন বজাৰত অব্যাহত আছে তীৰৰ বেহা।

ইফালে তুলসীবিল আৰক্ষী চকীৰ গাত লাগি থকা তুলসীবিল বজাৰত মুকলি ভাৱে অবৈধ তীৰ বিক্ৰী কৰাক লৈও বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। তীৰ, চিকিম লটাৰীক লৈ সচেতন মহলে এই সন্দর্ভত তীব্ৰ সমালোচনা কৰা দেখা গৈছে। সহজতে ধন প্ৰাপ্তিৰ আশাৰে তীৰ আৰু জুৱাই বহু পৰিয়াল সৰ্বস্ৰান্ত কৰি তুলিছে। আনকি কম বয়সীয়া কিশোৰ–যুৱকো এই তীৰৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। এই তীৰ আৰু জুৱাৰ বিৰুদ্ধে গোঁসাইগাঁও আৰক্ষীয়ে উচিত বিহিত ব্যৱস্থা গ্ৰহণ কৰাতো বিচাৰিছে সচেতন মহলে। এইক্ষেত্ৰত আৰক্ষীয়ে কেনেদৰে ভূমিকা পালন কৰে সেয়া লক্ষণীয় হৈ পৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande