
তিনিচুকীয়া, ২৯ অক্টোবৰ (হি.স.)। তিনিচুকীয়া জিলাৰ মাকুম লাইনা গাঁৱৰ পথাৰত নগাজান অ চি এচৰ পৰা পাইপ ফুটি অহৰহ ক্ৰুদ অইল নিৰ্গত হৈ
১০০ বিঘাৰো অধিক খেতিপথাৰ বিনষ্ট ।
এনেদৰে খাৰুৱা তেল অহৰহ নিৰ্গত হৈ থকাৰ ফলত পথাৰত ধান কাটিবলৈ আহি প্ৰত্যক্ষ কৰি মূৰে কপালে হাত দিছে চহা খেতিয়ক সকলে । অইল ইণ্ডিয়া লিমিটেডৰ গাফিলটিৰ ফলতে এনে ঘটনা সংঘটিত হোৱাত ক্ষোভিত হৈ পৰিছে চহা খেতিয়ক সকলে । বৰ্তমান লৈকে উক্ত স্থানত অইল ইণ্ডিয়া লিমিটেডৰ কোনো এগৰাকী লোক উপস্থিত হোৱা নাই ।
পূৰ্বতেও উক্ত স্থানত তিনি বাৰকৈ এনেদৰে অইল ইণ্ডিয়া লিমিটেডৰ গাফিলটিৰ বাবে তেল নিৰ্গত হোৱা ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা