পাৰস্পৰিক যুঁজৰ ফলত মৃত্যু হৈছিল শিলঘাটত কামাখ্যা পাহাৰৰ নামনিত মৃতদেহ উদ্ধাৰ হোৱা গঁড়টোৰ
নগাঁও,২৯ অক্টোবৰ (হি.স.)। বাঘৰ আক্ৰমণত নহয়, পাৰস্পৰিক যুঁজৰ ফলত মৃত্যু হৈছিল কলিয়াবৰৰ শিলঘাটত কামাখ্যা পাহাৰৰ নামনিত মৃতদেহ উদ্ধাৰ হোৱা গঁড়টো।* মৰণোত্তৰ পৰীক্ষাৰ অন্তত পশু চিকিৎসকে নিশ্চিত কৰিছে এই তথ্য। পৰস্পৰ দুটা গঁড়ৰ মাজত যুঁজ হোৱাৰ বাবেই গঁ
পাৰস্পৰিক যুঁজৰ ফলত মৃত্যু হৈছিল শিলঘাটত কামাখ্যা পাহাৰৰ নামনিত মৃতদেহ উদ্ধাৰ হোৱা গঁড়টোৰ


নগাঁও,২৯ অক্টোবৰ (হি.স.)। বাঘৰ আক্ৰমণত নহয়, পাৰস্পৰিক যুঁজৰ ফলত মৃত্যু হৈছিল কলিয়াবৰৰ শিলঘাটত কামাখ্যা পাহাৰৰ নামনিত মৃতদেহ উদ্ধাৰ হোৱা গঁড়টো।* মৰণোত্তৰ পৰীক্ষাৰ অন্তত পশু চিকিৎসকে নিশ্চিত কৰিছে এই তথ্য। পৰস্পৰ দুটা গঁড়ৰ মাজত যুঁজ হোৱাৰ বাবেই গঁড়টোৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে পশু চিকিৎসক ডাঃ সুৰুজ কাকতিয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নিলয় বৰুৱা আৰু শালনা বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰৰ উপস্থিতিত মৃত গঁড়টোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিভাগীয় নিয়মমতে গঁড়টোৰ মৃতদেহ সৎকাৰ কৰাৰ ব্যৱস্থা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই। মৃত গঁড়টোৰ খৰ্গটো সুৰক্ষিত অৱস্থাত বন বিভাগৰ লোকে উদ্ধাৰ কৰি বিভাগীয় নিয়ম-নীতিৰে খৰ্গটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষক অৰ্পণ কৰাৰ ব্যৱস্থা কৰে। প্ৰাথমিক পৰ্যায়ত গঁড়টোৰ মৃত্যু বাঘৰ আক্ৰমণত হোৱা বুলি সন্দেহ কৰা হৈছিল যদিও মৰণোত্তৰ পৰীক্ষাৰ অন্তত নিশ্চিত হ'ল গঁড়টোৰ মৃত্যু প্ৰকৃততে আন গঁড়ৰ আক্ৰমণতহে হৈছে। ইয়াৰ পৰা অঞ্চলটোত আন গঁড়ৰ অৱস্থিতিও নিশ্চিত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande