
কামৰূপ, ২৯ অক্টোবৰ (হি.স.)। বি এছ এফৰ জোৱানৰ মৃত্যুত শোকাকুল পৰিৱেশ কামৰূপৰ বোৰ্কাত । গোৱালিয়ৰৰ বি এছ এফৰ ডাইৰেক্টৰ একাডেমীৰ বাইক ষ্টাণ্টৰ প্ৰশিক্ষণৰত আছিল বোৰ্কাৰ সোণেশ্বৰ কাকতি আৰু তৰুলতা কাকতিৰ একমাত্ৰ পুত্ৰ মনোৰঞ্জন কাকতি।
বিগত কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ গোৱালিয়ৰৰ বি এছ এফৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মনোৰঞ্জন কাকতি। দিল্লীৰ এখন চিকিৎসাললৈ উন্নত চিকিৎসাৰ বাবে নিয়াৰ পথত সোমবাৰে মৃত্যু হৈছিল মনোৰঞ্জনৰ। ১৫ আগষ্টত ভাৰত পাকিস্তান সীমান্তৰ বাঘা আতাৰিত বি এছ এফৰ দ্বাৰা প্ৰদৰ্শিত বাইক ষ্টাণ্টৰ সদস্য আছিল। বীৰ জোৱান মনোৰঞ্জনক ২১ জাই টোপধ্বনিৰে ৰাষ্ট্ৰীয় সন্মান জনাই ৭ গৰাকী বি এছ এফৰ জোৱানে।
ডি জি বি এছ এফৰ মহা নিৰ্দেশক আই পি এছ বিষয়া দলজিৎ চৌধুৰীৰ নিৰ্দেশত এই ৰাষ্ট্ৰীয় সন্মান জনাই বি এছ এফৰ ২১ জনীয়া দলটোৱে। ২০২১ চনত যোগদান কৰি নিজৰ দক্ষতা আৰু প্ৰতিভাৰ জৰিয়তে বি এছ এফৰ প্ৰতিগৰাকী উচ্চপদস্থ বিষয়াৰ প্ৰিয়ভাজন হ'বলৈ সক্ষম হৈছিল মনোৰঞ্জন।
মনোৰঞ্জনৰ অন্তিম যাত্ৰাত বি এছ এফৰ জোৱান সকলৰ লগতে শোকত ম্ৰিয়মান হ'ল বৃহত্তৰ অঞ্চলবাসী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা