প্ৰিয় নাহৰক লৈ জুবিন পত্নী গৰিমা গাৰ্গৰ বিশেষ পৰিকল্পনা
গুৱাহাটী, ২৯ অক্টোবৰ (হি.স.)। প্ৰিয় নাহৰক লৈ জুবিন পত্নীৰ বিশেষ পৰিকল্পনা। জাগীৰোডৰ পৰা খানাপাৰা পৰ্যন্ত ৰোপন কৰা হ''ব নাহৰৰ পুলি। নাহৰ বনৰ মাজত সযতনে ৰাখিব প্ৰকৃতিপ্ৰিয় জুবিনক। নাহৰ, জুবিনৰ প্ৰিয়‌ নাহৰ।‌ অনুষ্ঠানত জুবিনে কৈছিল‌ নাহৰৰ বহু কথা।
প্ৰিয় নাহৰক লৈ জুবিন পত্নীৰ বিশেষ পৰিকল্পনা,,


প্ৰিয় নাহৰক লৈ জুবিন পত্নীৰ বিশেষ পৰিকল্পনা,,


গুৱাহাটী, ২৯ অক্টোবৰ (হি.স.)। প্ৰিয় নাহৰক লৈ জুবিন পত্নীৰ বিশেষ পৰিকল্পনা। জাগীৰোডৰ পৰা খানাপাৰা পৰ্যন্ত ৰোপন কৰা হ'ব নাহৰৰ পুলি।

নাহৰ বনৰ মাজত সযতনে ৰাখিব প্ৰকৃতিপ্ৰিয় জুবিনক। নাহৰ, জুবিনৰ প্ৰিয়‌ নাহৰ।‌ অনুষ্ঠানত জুবিনে কৈছিল‌ নাহৰৰ বহু কথা। কৈছিল নাহৰ গছৰ উপকাৰিতাৰ কথা। প্ৰতিখন মঞ্চতে নাহৰ ৰোপনৰ আহ্বান জনাইছিল‌ জুবিন গাৰ্গে। জুবিনৰ এই একান্ত আগ্ৰহক এতিয়া বাস্তবায়িত কৰাৰ আপ্ৰাণ চেষ্টা গৰিমা শইকীয়া গাৰ্গৰ। জুবিনৰ প্ৰিয় নাহৰক লৈ কৰা পৰিকল্পনাৰ কথা মঙলবাৰে সদৰি কৰিলে সোণাপুৰত। সোণাপুৰৰ বৰখাট বাৰোৱাৰী দুৰ্গামন্দিৰৰ চৌহদত মঙলবাৰে নাহৰ পুলি ৰোপণৰ শুভাৰম্ভ কৰি জনালে জুবিনৰ সপোন বাস্তৱায়িত কৰাৰ কথা। জনালে‌ জুবিন অনুৰাগীয়ে আগবঢ়োৱা নাহৰৰ পুলিৰ যথাযথ সংৰক্ষণৰ কথা।

জাগীৰোডৰ পৰা খানাপাৰা পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পৰিকল্পিতভাৱে নাহৰৰ পুলি ৰোপনৰ আহ্বান জুবিন পত্নীৰ। প্ৰকৃতি প্ৰিয় জুবিনৰ অন্তিম শয়নস্থলীৰ চৌদিশ নাহৰ বন হিচাপে স্বীকৃত হওক বুলি মন্তব্য জুবিন পত্নীৰ। নাহৰ পুলি ৰোপন কাৰ্যসূচী সম্পন্ন কৰিয়ে গৰিমা শইকীয়া গাৰ্গে সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জুবিন ক্ষেত্ৰত মঙলদৈৰ সাতসৰী সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মেণ্ডোলিনত মায়াবিনীৰ সুৰৰ লহৰ তোলা শুনি আৱেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। শোকাহত হৈ সহস্ৰাধিক অনুৰাগীৰ সৈতে সমস্বৰে পুনৰ প্ৰাণ ঢালি গালে মায়াবিনী ৰাতিৰ। আনহাতে ইয়াৰ মাজতে জুবিনৰ সপোনৰ কথাছবি ৰৈ ৰৈ বিনালেৰ বাবে দৰ্শকে জনোৱা অভূতপূৰ্ব সঁহাৰিৰ‌ বাবে প্ৰতিগৰাকীলৈ আগবঢ়ায় কৃতজ্ঞতা

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande