
শোণিতপুৰ, ২৯ অক্টোবৰ (হি.স.)। চাৰিদুৱাৰত দুৰ্য্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ।
শোণিতপুৰৰ চাৰিদুৱাৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি জিলা দূৰ্যোগ ব্যৱস্থনা বিভাগৰ উদ্যোগত ছাত্ৰ ছাত্ৰীসকলক প্ৰাকৃতিক দূৰ্যোগৰ সময়ত লব লগা সাৱধানতা সম্পৰ্কীয় এক প্ৰশিক্ষণ প্ৰদান কৰা হয় । চৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ক্ষীৰোদকমল হাজৰিকাৰ উপস্থিতিত ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ ভূমিকম্প ,অগ্নিদগ্ধ হোৱা আদিৰ সময়ত কেনেধৰণৰ ব্যৱস্থা লব লাগে সেইসম্পৰ্কে চদ্ম প্ৰশিক্ষণ বিশেষজ্ঞ সকলে প্ৰদান কৰে । উল্লেখ্য যে ,আজি বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত কেইবাখনো বিদ্যালয়ত এই প্ৰশিক্ষণ প্ৰদান কৰা হয় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু