
কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। অসমীয়া সংস্কৃতিৰ অন্যতম অংগ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াৰ তৰণীতো চলি আছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি । এইবাৰ তৰণীত অনুষ্ঠিত হ’ব ৯১ সংখ্যক ৰাস মহোৎসৱ ।
এই মহোৎসৱ ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । মহোৎসৱৰ বিশেষ আকৰ্ষণ হ’ব মনোৰম মণ্ডপ আৰু প্ৰতিকী কাজিৰঙাৰ প্ৰদৰ্শনী । লগতে অসমীয়াৰ হিয়াৰ আমঠু অমৃতকণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ বিশেষ ব্যৱস্থাও কৰা হ'ব বুলি উদ্যোক্তাই জনায় । চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নাগৰিকসহ প্ৰায় দুই লক্ষাধিক ভক্তই এই ৰাস মহোৎসৱ উপভোগ কৰিবলৈ আহিব বুলি আশা প্ৰকাশ কৰা হৈছে।সাংস্কৃতিক কাৰ্যসূচীত ইণ্ডিয়ান আইডল খ্যাত জনপ্ৰিয় কন্ঠশিল্পী ৰিতো ৰিবা, বাবু, শতাব্দী বৰা, চয়নিকা ভূঞা আদিৰ লগতে বহু প্ৰতিভাৱান শিল্পীয়ে সংগীত পৰিবেশন কৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ