ডবকাত চুৰি হল মধ্যাহ্ন ভোজনৰ চাউল
হোজাই, ২৮ অক্টোবৰ (হি.স.)। ডবকাত চুৰি হল মধ্যাহ্ন ভোজনৰ চাউল৷ নিশা শিৱস্থান মধ্য ইংৰাজী বিদ্যালয়ৰ ৰান্ধনী ঘৰৰ তলা ভাঙি চোৰে লুটি নিলে প্ৰায় পোন্ধৰ কুইন্টল চাউল৷ পূৱা স্থানীয় লোকে ৰাস্তাত আৰু বিদ্যালয়ৰ সন্মূখত চাউল সিঁচৰিত হৈ থকা দেখি সন্দেহ
ডবকাত চুৰি হল মধ্যাহ্ন ভোজনৰ চাউল


হোজাই, ২৮ অক্টোবৰ (হি.স.)। ডবকাত চুৰি হল মধ্যাহ্ন ভোজনৰ চাউল৷

নিশা শিৱস্থান মধ্য ইংৰাজী বিদ্যালয়ৰ ৰান্ধনী ঘৰৰ তলা ভাঙি চোৰে লুটি নিলে প্ৰায় পোন্ধৰ কুইন্টল চাউল৷

পূৱা স্থানীয় লোকে ৰাস্তাত আৰু বিদ্যালয়ৰ সন্মূখত চাউল সিঁচৰিত হৈ থকা দেখি সন্দেহ হোৱাত খবৰ দিয়ে প্ৰধান শিক্ষকক৷ প্ৰধান শিক্ষকে বিদ্যালয়লৈ আহি চাউল খিনি চুৰি হোৱা বুলি নিশ্চিত হৈ ডবকা থানাত এজাহাৰ দাখিল কৰে৷

আৰক্ষীয়ে ততক্ষণাৎ তদন্ত আৰম্ভ কৰি ডবকা গাছতলাৰ শ্বাহৰুখ আহমেদৰ ঘৰৰ পৰা চুৰি হোৱা চাউলৰ পৰা ১২ কিলোগ্ৰাম চাউল উদ্ধাৰ কৰে যদিওঁ বাকী চাউল আৰু চোৰৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে শ্বাহৰুখক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande