
তিনিচুকিয়া, ২৮ অক্টোবৰ (হি.স.)। ডিগবৈত দুদিনীয়া কাৰ্য্যসূচীৰে একাধিক স্থানত ষট পূজা সম্পন্ন কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি।
ষট পূজা এইবাৰ অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবীন গাৰ্গৰ অনাকাংক্ষিত মৃত্য়ুৰ বাবে অতি অনাৰম্বৰ ভাবে উদযাপন কৰা হৈছে। তৈল নগৰ ডিগবৈৰ ষ্টেচন এলেকাৰ দেৱী মূৰ্তি ভাচান পুখুৰীৰ পাৰত, মুলীয়াবাৰীস্থিত অন্ধ্ৰ এচ'ছিয়েশ্যনৰ শিৱ মন্দিৰ প্ৰাঙ্গণত,গোলাই,বৰবিল আৰু নাজিৰাটিং এলেকাত প্ৰধানতঃ হিন্দী ভাষী লোক সকলে ২৭ অক্টোবৰৰ সন্ধিয়া সূৰ্য্যাস্তৰ পৰা আৰু ২৮ অক্টোবৰৰ পুৱা সূৰ্যোদয় সময়লৈ ষট পূজা পালন কৰা পৰিলক্ষিত হয়।
লোক বিশ্বাস অনুসৰি সূৰ্য্য দেৱতাক পূজা অৰ্চনা কৰা ষট পূজাৰ স্থান সমূহত হাজাৰ হাজাৰ লোকৰ সমাগম হয়। শান্তি শৃংখলা বজাই ৰখাৰ বাবে আৰক্ষী মোতায়েন কৰাও দেখা পোৱা যায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু