ঢেকীয়াজুলিত সদৌ অসম সত্ৰ মহাসভাৰ সেতুবন্ধন সমাৰোহ আৰম্ভ
শোণিতপুৰ, ২৮ অক্টোবৰ (হি.স.)। ঢেকীয়াজুলীত সদৌ অসম সত্ৰ মহাসভাৰ সেতুবন্ধন সমাৰোহ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু l ঢেকীয়াজুলিত অনুষ্ঠিত সদৌ অসম স
ঢেকীয়াজুলিত সদৌ অসম সত্ৰ মহাসভাৰ সেতুবন্ধন সমাৰোহ আৰম্ভ


শোণিতপুৰ, ২৮ অক্টোবৰ (হি.স.)। ঢেকীয়াজুলীত সদৌ অসম সত্ৰ মহাসভাৰ সেতুবন্ধন সমাৰোহ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু l

ঢেকীয়াজুলিত অনুষ্ঠিত সদৌ অসম সত্ৰ মহাসভাৰ সেতুবন্ধন সমাৰোহত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ লগচে অংকীয়া ভাওনা আৰু সত্ৰীয়া কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয় । আনহাতে এই কাৰ্য়সূচীতেই সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ জন্ম শতবৰ্ষৰ বিশেষ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰাৰ লগতে সদ্যপ্ৰয়াত জনগণৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই কাৰ্যসূচী ৰূপায়ণ কৰা হয় l

সদৌ অসম সত্ৰ মহাসভাৰ সেতুবন্ধন সমাৰোহ-২০২৫ খন ৪ আৰু ৫ অক্টোৱৰত অনুষ্ঠিত কৰাৰ ঘোষণা কৰা হৈছিল। কিন্তু মহান শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰতি শ্ৰদ্ধা জনাই ঢেকিয়াজুলিত অনুষ্ঠিত হ'বলগা সেতুবন্ধন সমাৰোহ-২০২৫ খনি ৪ আৰু ৫ অক্টোৱৰৰ পৰিৱৰ্তে ২৮ আৰু ২৯ অক্টোবৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সদৌ অসম সত্ৰ মহাসভাই।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande