
গোলাঘাট, ২৮ অক্টোবৰ (হি.স.)। ৰাজ্যিক ভাৰ উত্তোলন প্ৰতিযোগিতাত সৰুপথাৰৰ খেলুৱৈৰ সাফল্য।
সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ এগৰাকী যুৱতীয়ে ৰাজ্যিক পৰ্যায়ৰ ভাৰ উত্তোলন প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।গুৱাহাটীৰ ৰুক্মিণী নগৰ বিহুতলী ফিল্ডত অনুষ্ঠিত প্ৰতিযোগিতা খনত সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ লাংঠা গাঁৱৰ নৰ্মতা মূছাহাৰীয়ে দুটাকৈ শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।নৰ্মতাই চলিত মাহৰ ২৪ ৰ পৰ ২৬ তাৰিখলৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত ষ্টং মেন আসাম আৰু ডেডলিফ্ট কেটেগেৰিত ৫০ কেজিৰ শাখাত এই পদক লাভ কৰিছে।অন্যহাতে নৰ্মতা মুছাহাৰীৰ এই সাফল্যত গাঁওবাসী আনন্দত উৎফুলিত হোৱা দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু