
ধুবুৰী, ২৮ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত আজি আনন্দৰ উল্লাহৰ মাজত ষট পূজা সম্পন্ন হয় ৷ প্ৰতিবছৰৰ দৰে এইবেলিওঁ উলহমালহেৰে গৌৰীপুৰত পালন কৰা হয় ষট পূজা৷
আৰক্ষী, এছডিআৰএফ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ঐতিহাসিক গৌৰীপুৰৰ গদাধৰ নৈ পাৰত ষট পূজা পালন কৰা হয় ৷ গদাধৰ নৈ পৰাত পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, সূৰ্য প্ৰাৰ্থনা, উদিত সূৰ্য প্ৰাৰ্থনাৰে সম্পূৰ্ণ হয় ষট পূজা ৷
উপাসকসকলৰ বাবে ঘাটসমূহত বিশেষ ব্যৱস্থা কৰা হৈছিল। উদীয়মান সূৰ্য্যক ‘উষা অৰ্ঘ্য’ আগবঢ়াবলৈ পুৱতি নিশাৰ পৰাই ভক্তসকলে পূজাৰ যাৱতীয় সামগ্ৰী লৈ ঘাটত উপস্থিত হোৱা আৰম্ভ কৰিছিল।
উল্লেখ্য যে শনিবাৰে কাৰ্তিক শুক্লা চতুৰ্থীৰ দিনা নহাই-খায়ৰ পবিত্ৰ ৰীতি-নীতিৰে আৰম্ভ হৈছিল সূৰ্য্য দেৱতাৰ পূজা-অৰ্চনাত চাৰিদিনীয়া ছঠ উৎসৱ। এই উৎসৱৰ শুক্লা পঞ্চমীৰ দিনা অস্তমিত সূৰ্য্য দেৱতাৰ পূজা অৰ্চনা কৰা হয় আৰু পিছদিনা উদীয়মান সূৰ্য্যক অৰ্ঘ্য আগবঢ়ায় এই উৎসৱৰ সামৰণি মাৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ