গহপুৰ হেলেমত চোৰৰ উপদ্ৰৱ
বিশ্বনাথ, ২৮ অক্টোবৰ (হি.স.)। গহপুৰ হেলেমত চোৰৰ উপদ্ৰৱ। হেলেমৰ বাসিন্দা শুভংকৰ কাশ্যপৰ বাসগৃহত চোৰে লণ্ড ভণ্ড কৰিলে বহু সামগ্ৰী। চিচি টিভি কেমেৰা ভাঙি ডিভাইচ লৈ গ''ল চোৰে। ঘৰত মানুহ নথকাৰ সুযোগ লৈ নিশা উপদ্ৰৱ চলালে ঘৰটোত। শেহতীয়াকৈ চাৰিবাৰকৈ চোৰ ঘৰ
গহপুৰ হেলেমত চোৰৰ উপদ্ৰৱ


বিশ্বনাথ, ২৮ অক্টোবৰ (হি.স.)। গহপুৰ হেলেমত চোৰৰ উপদ্ৰৱ। হেলেমৰ বাসিন্দা শুভংকৰ কাশ্যপৰ বাসগৃহত চোৰে লণ্ড ভণ্ড কৰিলে বহু সামগ্ৰী। চিচি টিভি কেমেৰা ভাঙি ডিভাইচ লৈ গ'ল চোৰে। ঘৰত মানুহ নথকাৰ সুযোগ লৈ নিশা উপদ্ৰৱ চলালে ঘৰটোত। শেহতীয়াকৈ চাৰিবাৰকৈ চোৰ ঘৰটোত প্ৰৱেশ কৰি বহু সা-সামগ্ৰী অনিষ্ট কৰিলে।

চোৰে সামগ্ৰী নিয়াতকৈ উপদ্ৰৱহে চলাই বেছিকৈ। বহু বাৰ হেলেম আৰক্ষীক বিষয়টো অৱগত কৰিলে যদিও হেলেম আৰক্ষীয়ে উপদ্ৰৱ চলোৱা চোৰ ধৰিবলৈ সক্ষম হোৱা নাই। হেলেমত দিৰ্ঘ দিনৰ পৰা অব্যাহত থকা চোৰৰ উপদ্ৰৱে স্থানীয় ৰাইজক জ্বলাকলা খুৱাইছে। ৰাইজে সন্মুখীন হোৱা চোৰৰ উপদ্ৰৱৰ বিষয়ে স্থানীয় আৰক্ষীক অভিযোগ দাখিল কৰা হৈছে আৰু নিশা আৰক্ষী পহৰাৰ দাবী কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande