ডবকাত মধ্যাহ্ন ভোজনৰ চাউল চুৰি
হোজাই, ২৮ অক্টোবৰ (হি.স.)। ডবকাত চুৰি হল মধ্যাহ্ন ভোজনৰ চাউল৷ নিশা শিৱস্থান মধ্য ইংৰাজী বিদ্যালয়ৰ ৰান্ধনী ঘৰৰ তলা ভাঙি চোৰে লুটি নিলে প্ৰায় পোন্ধৰ কুইন্টল চাউল৷ পূৱা স্থানীয় লোকে পথত আৰু বিদ্যালয়ৰ সন্মূখত চাউল সিঁচৰিত হৈ থকা দেখি সন্দেহ হোৱাত
ডবকাত মধ্যাহ্ন ভোজনৰ চাউল চুৰি


হোজাই, ২৮ অক্টোবৰ (হি.স.)। ডবকাত চুৰি হল মধ্যাহ্ন ভোজনৰ চাউল৷ নিশা শিৱস্থান মধ্য ইংৰাজী বিদ্যালয়ৰ ৰান্ধনী ঘৰৰ তলা ভাঙি চোৰে লুটি নিলে প্ৰায় পোন্ধৰ কুইন্টল চাউল৷ পূৱা স্থানীয় লোকে পথত আৰু বিদ্যালয়ৰ সন্মূখত চাউল সিঁচৰিত হৈ থকা দেখি সন্দেহ হোৱাত খবৰ দিয়ে প্ৰধান শিক্ষক জনক৷

প্ৰধান শিক্ষকে বিদ্যালয়লৈ আহি চাউল চুৰি হোৱা বুলি নিশ্চিত হৈ ডবকা থানাত এজাহাৰ দাখিল কৰে৷ ঘটনা সন্দৰ্ভত ডবকা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইয়াৰ পুৰ্বেও চোৰে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰি মুকলি বজাৰত বিক্ৰী কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিদ্যালয়ৰ শিশু সকলৰ মধ্যাহ্ন ভোজনৰ চাউল এইদৰে চোৰে বিদ্যালয়ৰ পৰা চুৰি কৰি নিয়াত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande