বদৰপুৰ ৰে’ল জংচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ চাৰিজন আটক
কাছাৰ, ২৪ অক্টোবৰ (হি.স.)। কাছাৰৰ বদৰপুৰ ৰে‘ল আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্য়াহত আছে। বদৰপুৰ ৰে’ল জংচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ চাৰিজন লোকক আটক কৰা হৈছে । ৰে’ল আৰক্ষী আৰু আৰ পি এফৰ যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ বহিঃৰাজ্যৰ
বদৰপুৰ ৰে’ল জংচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ চাৰিজন আটক


কাছাৰ, ২৪ অক্টোবৰ (হি.স.)। কাছাৰৰ বদৰপুৰ ৰে‘ল আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্য়াহত আছে। বদৰপুৰ ৰে’ল জংচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ চাৰিজন লোকক আটক কৰা হৈছে ।

ৰে’ল আৰক্ষী আৰু আৰ পি এফৰ যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ বহিঃৰাজ্যৰ চাৰিজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰী কেইটাৰ নাম ক্ৰমে উজ্জ্বল মণ্ডল, মদন মণ্ডল, অসিত মণ্ডল আৰু অমল মণ্ডল বুলি জানিব পৰা গৈছে। ধৃত আটাইকেইটাৰ ঘৰ পশ্চিমবঙ্গত আছিল । ড্ৰাগছখিনি শিলচৰৰ পৰা পশ্চিমবঙ্গৰ মালদা লৈ যোৱাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰী ত্ৰয়ে। জব্দ কৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক ৫ কোটি টকা হ’ব বুলি কোৱা হৈছে ।

উল্লেখ্য় যে ২১৫১৪ নং নামনিমুৱা শিলচৰ ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ ট্ৰেইনখনত অভিযান চলাই জিআৰপি আৰু আৰপিএফে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰে। এই সন্দৰ্ভত বদৰপুৰ ৰে’ল আৰক্ষীয়ে কেছ নং 35/2025 US 21 C /29 NDPS ACT 1985 ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য় যে বদৰপুৰ ৰে’ল জংচন হৈছে কাছাৰ জিলাৰ এটা গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেচন। ই পাঁচগ্ৰাম, শিলচৰ আৰু ভৈৰৱীৰ সৈতে ৰে’লযোগে সংযোগ স্থাপন কৰিছে। ইয়াক উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এক উল্লেখযোগ্য অংশ হিচাপেও গণ্য কৰা হয়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande