চিৰাং, ১৮ অক্টোবৰ (হি.স.): পোহৰৰ উৎসৱ দীপাৱলী সমাগত। মাজত মাথোঁন কেইদিনমান। দীপাৱলীক কেন্দ্ৰ কৰি মৃৎ শিল্পী সকল ব্যস্ততা বাঢ়িছে। মৃৎ শিল্পী সকলে দীপাৱলী বাবে মাটিৰ চাকি তৈয়াৰ কৰাত উঠি পৰি লাগিছে। বিজনী ৪নং ৱাৰ্ডৰ পালপাৰাত মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল। পালপাৰাত মৃৎ শিল্পী সকলে বিভিন্ন আকৃতিৰ চাকি তৈয়াৰ কৰা পৰিলক্ষিত হৈছে।
উল্লেখ্য় যে বিজনী পালপাৰাত কেবাটাও পৰিয়ালে পুৰ্ব পুৰুষৰ পৰম্পৰাগত মৃৎ শিল্পত আজিও জড়িত হৈ আছে। বিজনী পালপাৰাৰ পৰিয়ালৰ চোতালত দেখিবলৈ পোৱা গৈছে পোহৰৰ উৎসৱ দীপাৱলীৰ অতিকৈ প্ৰয়োজনীয় মাটিৰ চাকি। অৱশ্য়ে পৰিয়াল সমূহে এনে শিল্পকৰ্মৰে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন হ’বলগীয়াত পৰিছে। চৰকাৰে মৃৎ শিল্পী সকলৰ বাবে আঁচনি যুগুতাই উপকৃত কৰিবলৈ শিল্পী সকলে দাৱী জনাইছে। বছৰে বছৰে হাজাৰ হাজাৰ চাকি তৈয়াৰ কৰে যদিও চাহিদা অনুপাতে তেওঁলোকৰ লাভৰ পৰিমান যথেষ্ট কম। বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ ৰঙীন লাইট বাবে মাটিৰ চাকিৰ চাহিদা কমি গৈছে ।
চিৰাং জিলাৰ একমাত্ৰ মাটীৰ চাকি নিৰ্মান কৰা অঞ্চল বিজনীৰ কাৱাটিকা পালপাৰাৰ এটা পৰিয়ালৰ দুই-তিনিজন লোকৰ চেষ্টাত মাটিৰ চাকি নিৰ্মান চলি আছে । পৰিয়ালটিৰ জ্য়েষ্ঠ মহিলা পাৰ্বতী পাল, ৰিংকি পাল আৰু নন্দিতা সাহাই এই চাকি নিৰ্মানত জড়িত হৈ আছে। পৰিয়ালৰ যাৱতীয় কাম চম্ভালি তাৰ পিচতহে সময় উলিয়াই এই চাকি নিৰ্মান কৰে । বোৱাৰী নন্দিতা সাহাই কয় যে চৰকাৰী সহায় লাভ কৰিলে নিশ্চয় পৰিয়ালটিয়ে সকাহ লাভ কৰিব আৰু এই চাকি নিৰ্মানত উৎসাহ লাভ কৰিব। এই ক্ষেত্ৰত নিশ্চয়কৈ চৰকাৰে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ