বকলীয়াঘাটত প্ৰতিঘৰ অসমীয়াই পালন কৰিছে কাতি বিহু
কাৰ্বি আংলং, ১৮ অক্টোবৰ (হি.স.)। বকলীয়াঘাটত প্ৰতিঘৰ অসমীয়াই পালন কৰিছে কাতি বিহু। অসমীয়াৰ জাতীয় উৎসৱ তিনি বিহুৰ অন্যতম আজি কাতি বিহু । এইয়া পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ হগলাকটা গাঁৱৰ পৰিৱেশ। আজি প্ৰতিঘৰ অসমীয়াই পালন কৰিছে কাতি বিহু ।
বকলীয়াঘাটত প্ৰতিঘৰ অসমীয়াই পালন কৰিছে কাতি বিহু


কাৰ্বি আংলং, ১৮ অক্টোবৰ (হি.স.)। বকলীয়াঘাটত প্ৰতিঘৰ অসমীয়াই পালন কৰিছে কাতি বিহু। অসমীয়াৰ জাতীয় উৎসৱ তিনি বিহুৰ অন্যতম আজি কাতি বিহু । এইয়া পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ হগলাকটা গাঁৱৰ পৰিৱেশ।

আজি প্ৰতিঘৰ অসমীয়াই পালন কৰিছে কাতি বিহু । কিন্তু আগৰ দৰে মনত নাই কোনোধৰণৰ উৎসাহ। প্ৰানৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই মৰ্মাহত প্ৰতি জন লোক । সোণালী সপোনস্বৰূপ ধাননিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰ লগতে পথাৰৰ সোণ গুটি কোনো অপায় অমংগল নোহোৱাকৈ যাতে ঘৰলৈ ছপাই আনিব পাৰি তাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে আৰু এগছি বন্তি হিয়াৰ আমঠু জুবিন দাৰ আত্মাৰ চিৰশান্তি কামনাৰে আগবঢ়াইছে কৃষিজীৱি অসমীয়াই ।

সন্ধিয়া তুলসী তলত ধূপ দ্বীপ জ্বলাই সমাজৰ অপায় অমঙ্গল দূৰ কৰি সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰাৰ লগতে জুবিন গাৰ্গক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় গঞা কৃষকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande