উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ হাতীৰ সুৰক্ষা আৰু ৰে'ল চলাচলৰ নিৰাপত্তা বৃদ্ধিৰ বাবে অনুপ্ৰৱেশ চিনাক্তকৰণ প্ৰণালী ৰূপায়ণ
গুৱাহাটী, ১৮ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে''লৱেই হাতীৰ সুৰক্ষা আৰু ৰে''ল চলাচল সুগম কৰাৰ বাবে ইয়াৰ নেটৱৰ্কত অনুপ্ৰৱেশ চিনাক্তকৰণ প্ৰণালী (আইডিএছ) ৰূপায়ণৰ এক গুৰুত্ব পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই অভিনৱ প্ৰণালীৰ লক্ষ হৈছে বনাঞ্চল আৰু হাত
উত্তৰ-পূব সীমান্ত ৰে'লৱেত হাতীৰ সুৰক্ষা আৰু ৰে'ল চলাচলৰ নিৰাপত্তা বৃদ্ধিৰ বাবে অনুপ্ৰৱেশ চিনাক্তকৰণ প্ৰণালী ৰূপায়ণ


গুৱাহাটী, ১৮ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱেই হাতীৰ সুৰক্ষা আৰু ৰে'ল চলাচল সুগম কৰাৰ বাবে ইয়াৰ নেটৱৰ্কত অনুপ্ৰৱেশ চিনাক্তকৰণ প্ৰণালী (আইডিএছ) ৰূপায়ণৰ এক গুৰুত্ব পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

এই অভিনৱ প্ৰণালীৰ লক্ষ হৈছে বনাঞ্চল আৰু হাতী বিচৰণ কৰা অঞ্চলৰ মাজেৰে যোৱা ৰে'ল লাইন সমূহত পৰিচালনগত দক্ষতা বজাই ৰাখি বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰা । আইডিএছ-য়ে ৰে'লপথৰ ওচৰত হাতীৰ চলাচল চিনাক্ত কৰিবলৈ উন্নত অপ্টিকেল ফাইবাৰ ছেন্সিং প্ৰযুক্তি ব্যৱহাৰ কৰে, যাৰ ফলত ৰে'লচালক আৰু নিয়ন্ত্ৰণ কক্ষলৈ তাৎক্ষণিক সতৰ্ক বাণী প্ৰেৰণ কৰি সময় মতে প্ৰতিৰোধ মূলক ব্যৱস্থা ল'ব পৰা যায়।

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ চাৰিটা গুৰুত্ব পূৰ্ণ শাখাত আইডিএছ-ৰ পৰীক্ষা মূলক কাম সফলতাৰে সম্পন্ন কৰা হৈছে। এই শাখা সমূহ হ'ল – আলিপুৰ দুৱাৰ মণ্ডলৰ অধীনত মাদাৰিহাট – নাগৰা কাটা শাখা, লামডিং মণ্ডলৰ অধীনত হাৱাই পুৰ – লামচাখং – পাথৰ খোলা – লামডিং শাখা, ৰঙিয়া মণ্ডলৰ অধীনত কামাখ্যা – আজাৰা – মিৰ্জা শাখা আৰু তিনিচুকীয়া মণ্ডলৰৰ অধীনত তিতাবৰ – মৰিয়নি – নকছাৰী শাখা। এই পাইলট প্ৰকল্প সমূহে মুঠ ৬৪.০৩ কিলোমিটাৰ এলিফেণ্ট কৰিডৰ আৰু ১৪১ কিলোমিটাৰ ব্লক শাখা সামৰি লৈছে, যি বন্যপ্ৰাণী সুৰক্ষা আৰু নিৰাপদ ৰে'লচলাচলৰ প্ৰতি ৰে'লৱেৰ দায় বদ্ধতাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে।

এই পৰীক্ষা মূলক শাখা সমূহৰ সফল কমিছনিঙে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বাকী থকা ১৪৬.৪ ৰুট কিলোমিটাৰ এলিফেণ্ট কৰিডৰ শাখা সমূহত আইডিএছ ৰূপায়ণৰ পৰৱৰ্তী পৰ্যায়ৰ পথ প্ৰশস্ত কৰিছে। এই বিস্তৃত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে ২০২৬ চনৰ এপ্ৰিল মাহক লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছে, আৰু এই সময়ৰ ভিতৰত সকলো চিহ্নিত এলিফেণ্ট কৰিডৰত প্ৰণালীটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ'ব বুলি আশা কৰা হৈছে।

এই পদক্ষেপৰ জৰিয়তে, উত্তৰ-পূব সীমান্ত ৰে'লৱেই বহনক্ষম উন্নয়ন, পৰিৱেশ সংৰক্ষণ আৰু যাত্ৰী সুৰক্ষাৰ প্ৰতি তাৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰিছে। সংৰক্ষণৰ সৈতে প্ৰযুক্তিক একত্ৰিত কৰি উত্তৰ-পূব সীমান্ত ৰে'লৱেই জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ অঞ্চলসমূহত দায়িত্বশীল ৰে'ল পৰিচালনৰ এক ৰাষ্ট্ৰীয় মানদণ্ড স্থাপন কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande