ৰাজভৱনত কাতি বিহু উদযাপন ৰাজ্যপালৰ
গুৱাহাটী, ১৮ অক্টোবৰ(হি.স.)। কাতি বিহু উপলক্ষে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ৰাজভৱনত পবিত্ৰ তুলসী উদ্ভিদৰ সন্মুখত মাটিৰ চাকি জ্বলাই সকলোৰে বিশেষকৈ কৃষক সমাজৰ সমৃদ্ধি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে। ৰাজ্যবাসীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰি ৰাজ
ৰাজভৱনত কাতি বিহু উদযাপন ৰাজ্যপালৰ


গুৱাহাটী, ১৮ অক্টোবৰ(হি.স.)। কাতি বিহু উপলক্ষে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ৰাজভৱনত পবিত্ৰ তুলসী উদ্ভিদৰ সন্মুখত মাটিৰ চাকি জ্বলাই সকলোৰে বিশেষকৈ কৃষক সমাজৰ সমৃদ্ধি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে।

ৰাজ্যবাসীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যপাল গৰাকীয়ে ৰাজ্যৰ জনসাধাৰণৰ মাটিৰ সৈতে থকা গভীৰ সংযোগক প্ৰতিফলিত কৰা কাতি বিহুৰ সাংস্কৃতিক আৰু আধ্যাত্মিক তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। উৎসৱৰ পোহৰে সকলোৰে বাবে সমৃদ্ধি, শান্তি, নৱ শক্তি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।

মন কৰিবলগীয়া যে ৰাজভৱনত অনুষ্ঠিত হোৱা কাতি বিহুৰ আড়ম্বৰপুৰ্ণ অথচ অৰ্থপূৰ্ণ অনুষ্ঠানত ৰাজ্যপালৰ ৰাজ্যৰ ঐতিহ্য আৰু কাতি বিহুৱে প্ৰতিনিধিত্ব কৰা ঐক্য, ভক্তি, কৃতজ্ঞতাৰ মূল্যবোধৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা প্ৰতিফলিত কৰিছিল।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande