গুৱাহাটী, ১৮ অক্টোবৰ (হি.স.)। বিহু নৃত্যৰে মুম্বাইত বিশ্ব অভিলেখ গঢ়ি ৰাজ্যলৈ ঘুৰি অহা অসম কন্যা দিদৃক্ষা সোণোৱালক আজি গুৱাহাটী বিমান বন্দৰত আদৰণি জনায় অসম জাতীয় পৰিষদে।
দিদৃক্ষাই মাত্র ৩০ ছেকেণ্ডত সর্বাধিকবাৰ বিহু নৃত্যৰ ‘টাকুৰী ঘূৰি’ গঢ়িছে এই বিশ্ব অভিলেখ গঢ়ে। গুৱাহাটীৰ মালিগাঁৱৰ জীয়ৰী অচিত্ৰ সোণোৱাল আৰু বীণা দেৱী হাজৰিকাৰ কন্যা দিদৃক্ষা সম্প্রতি মুম্বাইৰ থানেৰ এটা কনষ্ট্রাকচন কেমিকেল ইণ্ডাষ্ট্ৰীত চিভিল ইঞ্জিনীয়াৰিং হিচাপে কৰ্মৰত। কর্মসূত্রে মুম্বাই থানেৰ বাসিন্দা দিদৃক্ষাই ইতিমধ্যে ৱ’র্ল্ড ৱাইড বুক অব্ ৰেকৰ্ডছ আৰু গোল্ডেন বুক অব্ ৱ্’র্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে।
এই সফলতাৰ পাছত আজি অসমত আহি উপস্থিত হোৱা দিদৃক্ষাক অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ নেতৃত্বত দলৰ নেতা-কৰ্মীসকলে গুৱাহাটী বিমান বন্দৰত আদৰণি জনাই আৰু উষ্ম অভিনন্দন জ্ঞাপন কৰে। তেওঁলোকে অসম কণ্যাগৰাকীক ফুলাম গামোছা, জাপি আৰু ফুলৰ তোৰা আগবঢ়ায় আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি শ্লোগান দিয়ে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞায়ো এক বিবৃতিযোগে দিদৃক্ষাক অভিনন্দন আৰু শুভেচ্ছা জনোৱাৰ লগতে নৃত্যক্ষেত্ৰত দিদৃক্ষাই বহুদূৰ আগুৱাই যোৱাৰ বাবে শুভেচ্ছা জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী