ডিব্ৰুগড়, ১৮ অক্টোবৰ (হি.স.)। কাতি বিহুৰ দিনাই প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত দুলীয়াজানত প্ৰতিবাদ। আজিৰে পৰা দুলীয়াজানৰ পিপলতল তিনিআলিত ৩৬ ঘণ্টীয়া ৰাজহুৱা অনশন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে দুলীয়াজান তথা ইয়াৰ দাঁতিকাষৰীয়া কেইবাটাও যুৱক সংঘ, বিভিন্ন দল-সংগঠনৰ লগতে দুলীয়াজানবাসীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছে ।
ইফালে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদস্থলীতেই অনুষ্ঠিত কৰিব কাতি বিহু। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া চৰকাৰৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায় । লগতে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই শংকৰজ্যোতি বৰুৱাই ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা