ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতি’ৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে ১৬৪ সংখ্যক ফুলগুৰি ধেৱা দিৱস উদযাপন
নগাঁও, ১৮ অক্টোবৰ (হি.স.)। আজি ঐতিহাসিক “ফুলগুৰি ধেৱা“ দিৱস৷ শনিবাৰে ৰহাৰ ’ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতি’ৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে ১৬৪ সংখ্যক এই ঐতিহাসিক দিৱসটি উদযাপন কৰা হৈছে৷ তদুপলক্ষে পুৱা পতাকা উত্তোলন কৰে ধেৱা উদযাপন সমিতিৰ সভাপতি প্ৰবী
ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতি’ৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে ১৬৪ সংখ্যক ফুলগুৰি ধেৱা দিৱস উদযাপন


নগাঁও, ১৮ অক্টোবৰ (হি.স.)। আজি ঐতিহাসিক “ফুলগুৰি ধেৱা“ দিৱস৷ শনিবাৰে ৰহাৰ ’ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতি’ৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে ১৬৪ সংখ্যক এই ঐতিহাসিক দিৱসটি উদযাপন কৰা হৈছে৷ তদুপলক্ষে পুৱা পতাকা উত্তোলন কৰে ধেৱা উদযাপন সমিতিৰ সভাপতি প্ৰবীন হাজৰিকাই৷ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰীগৰাকীয়ে “ফুলগুৰি ধেৱা স্মৃতিসৌধ“ত বন্তি প্ৰজ্বলন কৰে৷ বন্তি প্ৰজ্বলন কৰি মন্ত্ৰীগৰাকীয়ে ’ফুলগুৰি ধেৱা বৃটিছ শাসনৰ এক কৰুণ কাহিনী’ বুলি মন্তব্য কৰে৷ ইয়াৰ পিচতে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও ধেৱা উদযাপনস্থলীত উপস্থিত হৈ স্মৃতিসৌধত বন্তি প্ৰজ্বলন কৰে৷ ইপিনে ফুলগুৰি ধেৱাত ইংৰাজৰ গুলীত নিহত লোকসকলক গোপনে সৎকাৰ কৰা ভূমি যাক ’মানুহ পোৰা বিল’ হিচাপে খ্যাত সেই ভূমি বেদখলৰ কৱলত পৰিছে৷ জিলা আয়ুক্তগৰাকীয়ে এই ঐতিহাসিক চৰকাৰী ভূমি বেদখল মুক্ত কৰি ফুলগুৰি ধেৱাৰ নামত পঞ্জীয়ন কৰা হ’ব বুলি প্ৰকাশ কৰে৷ অনুষ্ঠানত ৰহাৰ বিধায়ক শশীকান্ত দাসে অংশগ্ৰহণ কৰি মানুহ পোৰা বিলতো এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ অনুষ্ঠানত বিভিন্ন অঞ্চলৰ লোকসকল উপস্থিত থাকে৷

উল্লেখ্য যে বৃটিছ শাসনৰ অন্যায় কৰনীতিৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ এই ফুলগুৰি ধেৱা৷ ১৮৬১ চনৰ ১৮ অক্টোবৰত ফুলগুৰিত ৰাইজমেলৰ জৰিয়তে ইংৰাজৰ শোষণ নিষ্পেষণৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ গৈ বহু কৃষকে বৃটিছৰ গুলীত প্ৰাণাহুতি দিছিল৷ বহু কাললৈ ঘূনীয়া হৈছিল৷ অত্যাচাৰী ইংৰাজে বহু চহা কৃষকক কলীয়াপানীলৈ পঠিয়ালে৷ ইংৰাজৰ বিৰুদ্ধে নগাঁৱৰ চহা কৃষকৰ এই বিদ্ৰোহক ’ফুলগুৰি ধেৱা’ তথা ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ হিচাপে চিহ্নিত হৈ ইতিহাসৰ পাতত জিলিকি ৰ’ল৷ এই ফুলধেৱাৰ স্মৃতি তথা চহা কৃষকৰ আত্মবলিদানক সুঁৱৰি প্ৰতি বছৰে ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিয়ে ১৮অক্টোবৰত ফুলগুৰি ধেৱা দিৱস উদযাপন কৰি আহিছে৷ এইবাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিয়ে এনেদৰে চহা কৃষকক সুঁৱৰি ১৬৪ সংখ্যক এই দিৱসটি উদযাপন কৰা হয়৷ কিন্তু পৰিতাপৰ কথা যে আজিও ঐতিহাসিক এই ফুলগুৰি ধেৱা দিৱসে চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰা নাই৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande