নলবাৰী, ১৮ অক্টোবৰ (হি.স.)। সৰ্থেবাৰীত চাঞ্চল্যকৰ চুৰিকাণ্ড। নিশা চোৰে ৰাইচ মিলত সংঘটিত কৰিলে এই চুৰিকাণ্ড। বতিয়াৰ কৰবি ৰাইচ মিলৰ পৰা নিশা চোৰে চুৰি কৰি নিলে ১১০ কুইন্টল সঁৰিয়হ আৰু দহ কুইন্টল ধান। বৈদ্যুতিক সংযোগ কৰ্তন কৰি চোৰে চলালে চাফাই অভিযান। আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ চোৰে চলাই আছে তাণ্ডব ।
ধাৰেশ্বৰ ভূঞাৰ মালিকানাধীন কৰবি ৰাইচ মিলত তিনি লক্ষাধিক টকাৰ ক্ষতি। আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। কিন্ত চোৰ ধৰা পৰা নায়। আৰক্ষী তদন্ত আৰম্ভ কৰিছে। চোৰৰ সন্ধানত আৰক্ষী বিভিন্ন থানাৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা