ৰঙামাটি চাহ বাগিচাত জগনাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰটিৰ শুভ উদ্বোধন
ৰঙামাটি চাহ বাগিচাত জগনাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰটিৰ শুভ উদ্বোধন।
ৰঙামাটি চাহ বাগিচাত জগনাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰটিৰ শুভ উদ্বোধন


গোলাঘাট, ১৮ অক্টোবৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটি চাহ বাগিচাত জগনাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰটি শুভ উদ্বোধন কৰা হয়। যোৱাকালি শুক্ৰবাৰে বিয়লি উদ্বোধন কৰা হয় সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰটি। অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই এই কেন্দ্ৰটি উদ্বোধন কৰে ।

উদ্বোধনৰ পাছতেই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য় যে অসম চৰকাৰৰ লোকনিৰ্মান (গৃহ) বিভাগৰ দ্বাৰা এক কোটি চল্লিছ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হৈছিল জগনাথ মন্দিৰ নামেৰে স্থানীয় ৰাইজে নামকৰণ কৰা এই সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰটি। জগনাথ সামূহিক কেন্দ্ৰটি বৰ্তমান ব্যৱহাৰৰ বাবে তৈয়াৰহৈ উঠাত উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ ৰঙামাটি বাসী ৰাইজৰ লগতে চাহ জনজাতি লোকসকল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande