বিহপুৰীয়া থানাত আৰক্ষীৰ চকুত ধূলি দি পলাল গভাইত চোৰ
বিহপুৰীয়া থানাত অঘটন ।
বিহপুৰীয়া থানাত আৰক্ষীৰ চকুত ধূলি দি পলাল গভাইত চোৰ


লক্ষিমপুৰ, ১৮ অক্টোবৰ (হি.স.): লক্ষিমপুৰ জিলাৰ বিহপুৰীয়া থানাত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এক অঘটন সংঘটিত হয় । আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে এটা গভাইত চোৰ । মন কৰিবলগীয়া যে হেণ্ডকাফ সহ পলাইন কৰে চোৰটোৱে। আৰক্ষীয়ে ধৰি অনা চোৰটোৰ নাম নজৰুল শ্বেখ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য় যে দুদিন পূৰ্বে বিহপুৰীয়াৰ ভোগদৈগুৰিত হাতে লোতে ধৰি নজৰুল চোৰক আৰক্ষীক গতাইছিল স্থানীয় লোকে ৷ কিন্তু ড্ৰাগছ আসক্ত চোৰ নজৰুলে বিহপুৰীয়া আৰক্ষীৰ ব্যস্ততাৰ সুযোগ লৈ কৌশলেৰে থানাৰ পৰা পলায়ন কৰে । সম্প্ৰতি বিহপুৰীয়া আৰক্ষীয়ে নজৰুলক বিচাৰি বিহপুৰীয়াৰ প্ৰান্তে প্ৰান্তে চলাথ কৰিছে ৷ ইফালে থানাৰ পৰাই হেণ্ডকাফ সহ চোৰটোৱে পলাইন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande