সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিশা ২বজাত উপস্থিত গৰিমা শইকীয়া গাৰ্গ
সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিশা ২বজাত উপস্থিত গৰিমা শইকীয়া গাৰ্গ
সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিশা ২বজাত উপস্থিত গৰিমা শইকীয়া গাৰ্গ


সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিশা ২বজাত উপস্থিত গৰিমা শইকীয়া গাৰ্গ


কামৰূপ, ১৮ অক্টোবৰ (হি.স.)। সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিশা ২বজাত উপস্থিত হয় পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিনৰ সমাধিত চাকি ধূপ জ্বলাই কিছু সময়ৰ বাবে নিৰৱ হৈ পৰিল গৰিমা। জুবিন গাৰ্গৰ সমাধিত সেৱা ল’লে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। অজশ্ৰ অনুৰাগীয়ে ভিৰৰ মাজতে গালে মায়াবিনী গীতটি।

ইফালে জুবিনৰ লগত মনৰ কথা পাতিবলৈ এনেদৰে সমাধিত আহি থাকিব বুলি মন্তব্য কৰে গৰিমাই। তেওঁ কয় যে জুবিনে মনৰ কথা শুনিব, মোক আশীৰ্বাদ দিব, ম‌ই তেওঁক সকলো কম, তেওঁ শুনিব। গৰিমাই আৰু কয় যে জুবিনে বৰ অসমৰ সপোন দেখিছিল, সেই বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব। এই জুবিন ক্ষেত্ৰখন সমন্বয় সম্প্ৰীতিৰ ক্ষেত্ৰ আমি কৰিব লাগিব বুলি আবেগিক হৈ পৰে গৰিমা গাৰ্গ। লগতে জুবিনৰ সমাধিত We want justice ধ্বনিও উত্থাপিত হয়।

উল্লেখ্য় যে বিগত শুকুৰবাৰেও জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল গৰিমা শইকীয়া গাৰ্গ। বিগত শুকুৰবাৰে জুবিন ক্ষেত্ৰৰ পৰা প্ৰতিগৰাকী অসমীয়াক #JusticeForZubeenGarg লিখিবলৈ আহ্বান জনাইছিল।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande