লক্ষিমপুৰ, ১৭ অক্টোবৰ (হি.স.): লক্ষিমপুৰ জিলাৰ নাওবৈচাত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এক শোকাৱহ ঘটনা ঘটে। পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে তিনি কণমানি ছাত্ৰীৰ। বিদ্যালয়ৰ পৰা ঘৰলৈ আহি কাষতে থকা দ-পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে তিনি কণমানি ছাত্ৰীৰ। সলিল সমাধি ঘটা তিনি ছাত্ৰী হল ক্ৰমে আচৰাণী হ'ৰ (১১বছৰ পঞ্চম শ্ৰেণী), দীপিকা তপ্ন (১০বছৰ চতুৰ্থ শ্ৰেণী) আৰু জীৱিকা তপ্ন (১২বছৰ ষষ্ঠ শ্ৰেণী)।
উল্লেখ্য় যে দীপিকা তপ্ন আৰু জীৱিকা তপ্ন দুয়ো বায়েক ভণীয়েক আছিল । স্কুলৰ পৰা ঘৰলৈ গৈ পুখুৰীত গা ধুবলৈ গৈছিল তিনিও গৰাকী ছাত্ৰী। মৃত তিনি গৰাকী ছাত্ৰীক পৰিয়ালৰ লোকে নাওবৈচা চিকিৎসালয়লৈ লৈ আহে। পিছত দ'লহাট আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ তিনি গৰাকী মৃত ছাত্ৰীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে এলএমচিএইচ লৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ