তিনিচুকীয়া, ১৭ অক্টোবৰ (হি.স.): তিনিচুকীয়া জিলাৰ বাইপাছৰ যোৱা কালি বৃহস্পতিবাৰে বিয়লি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী এখন দুৰ্ঘটনাগ্ৰস্ত হয়। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ মান বজাত সংঘটিত এই দুৰ্ঘটনাত আহত হৈছে গাড়ীখনত থকা দুজনকৈ অগ্নিনিৰ্বাপন বাহিনীৰ বিষয়া।
জানিব পৰা মতে, নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে অগ্নিনিৰ্বাপন বাহিনীৰ বাহন খন। উল্লেখ্য় যে সেই সময়ত এএছ ০৩ ৮৫৬৭ নম্বৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীখন মাকুম দিশৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল। তিনিচুকীয়া গেলাপুখুৰীৰ বাইপাছৰ চান্দমাৰিত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাত আহত হয় বাহনখনত থকা দুজনকৈ অগ্নিনিৰ্বাপন বাহিনীৰ বিষয়া। ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ