উজনি অসমৰ চৰাইদেউত জনজাতিকৰণৰ দাবীত শ শ লোকৰ জোঁৰ সমদল যাত্ৰাৰে প্ৰতিবাদ সাব্যস্ত
উজনি অসমৰ চৰাইদেউত জনজাতিকৰণৰ দাবীত শ শ লোক ৰাজপথ লৈ ওলাই আহি জোঁৰ সমদল যাত্ৰা ৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
উজনি অসমৰ চৰাইদেউত জনজাতিকৰণৰ দাবীত শ শ লোকৰ জোঁৰ সমদল যাত্ৰাৰে প্ৰতিবাদ সাব্যস্ত


চৰাইদেউ, ১৭ অক্টোবৰ (হি.স.): জনজাতিকৰণৰ দাবীত চৰাইদেউ জিলাৰ সাপেখাতীত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰা হয় ৷ পুনৰ জনজাতি কৰণক লৈ উত্তাল হৈ পৰে চৰাইদেউৰ ৰাজপথ। চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল হৈ পৰে চৰাইদেউ জিলাৰ সাপেখাতীৰ আকাশ বতাহ ৷

জনজাতিকৰণৰ দাবীত জোঁৰ সমদল বাহিৰ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ আটাছু'ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত কৰা হয় এই প্ৰতিবাদ । তাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত্ব শাসন আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত এই প্ৰতিবাদ সাব্য়স্ত কৰে । সাপেখাতী চাৰিআলি মজলীয়া বিদ্যালয়ৰ পৰা ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি সমদল বাহিৰ কৰি সাপেখাতীত উৰণীয়া সেঁতুত সামৰণি মাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদত উত্তাল হৈ পৰে সাপেখাতীৰ ৫২ নং বি ৰাষ্ট্ৰীয় ঘাই পথৰ পৰিবেশ ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande