বিধানসভা নিৰ্বাচনত বাঙালী সংখ্যাগৰিষ্ঠ এলেকাসমূহত বাঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থীক প্ৰদান নকৰিলে আন্দোলনৰ ভাবুকি
বাঙালী ফেডাৰেচনৰ ৩ টা সংগঠনৰ যৌথ সংবাদ মেল ।
বিধানসভা নিৰ্বাচনত বাঙালী সংখ্যাগৰিষ্ঠ এলেকাসমূহত বাঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থীক প্ৰদান নকৰিলে আন্দোলনৰ ভাবুকি


কোকৰাঝাৰ, ১৭ অক্টোবৰ (হি.স.): বাঙালী ফেডাৰেচনৰ অন্তৰ্গত তিনিটা সংগঠনে একেলগ হৈ যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া এটা যৌথ সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত সংগঠনসমূহে অহা বিধানসভা নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ ঘোষণাও কৰে। সংগঠনসমূহে স্পষ্টভাৱে কয় যে, অহা বিধানসভা নিৰ্বাচনত বাঙালী সংখ্যাগৰিষ্ঠ এলেকাসমূহত বাঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থীক প্ৰদান কৰিব লাগিব। তেনেকুৱা নহ’লে সংগঠনসমূহে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

নেতাসকলে কয়, “বাঙালী সমাজৰ জনসমৰ্থন আৰু জনপ্ৰতিনিধিত্ব দুয়োটাই একেদৰে গুৰুত্বপূৰ্ণ। সেয়েহে যিসকল এলেকাত বাঙালী জনসংখ্যা বেছি, তাত বাঙালী প্ৰাৰ্থীহে জনতাৰ প্ৰতিনিধি হিচাপে থিয় দিব লাগিব।” সংবাদ মেলত সংগঠনসকলৰ শীৰ্ষ পদাধিকাৰীসকল উপস্থিত আছিল আৰু তেওঁলোকে সকলো ৰাজনৈতিক দলক এই সতৰ্কবাণী জনাইছে — বাঙালী সমাজক উপেক্ষা কৰিলে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ সৈতে সংগঠনসমূহে ঘোষণা কৰে যে, যদি প্ৰয়োজন হয় তেনেহলে ঐক্যবদ্ধভাৱে নিজস্ব ৰাজনৈতিক বিকল্প সৃষ্টি কৰাৰো পৰিকল্পনা লৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande