- বৃহৎ সংখ্যক অট্টালিকা ধ্বংস, লাখ লাখ লোক ক্ষতিগ্ৰস্ত
কেলিফৰ্ণিয়া, ০৯ জানুৱাৰী (হি.স.)। আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যৰ লছ এঞ্জেলছৰ সমীপৰ বনাঞ্চলৰ অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই পৰ্যন্ত ৫ জন লোকৰ মৃত্যু হৈছে এই অগ্নিকাণ্ডত আৰু বহু সংখ্যক লোক আহত হৈছে। প্ৰায় ত্ৰিশ হাজাৰ লোকে ঘৰৰ পৰা ওলাই যাব লগা হৈছে। অগ্নিকাণ্ডৰ ফলত বহু সংখ্যক অট্টালিকা ধ্বংস হৈছে।
প্ৰথম অৱস্থাত পেচিফিক পেলিছাডছ, ইটন আৰু হাৰ্ষ্টৰ অৰণ্যত এই অগ্নিকাণ্ড সংঘটিত হয় আৰু সকলো প্ৰচেষ্টাৰ পিছতো আন অঞ্চললৈও বিয়পি পৰে। কোৱা হৈছে যে দক্ষিণ কেলিফৰ্ণিয়াৰ শুকান অৰণ্যত প্ৰচণ্ড বতাহৰ সৈতে এই জুই দ্ৰুতগতিত বিয়পি পৰিছিল। এতিয়ালৈকে ৫ জন লোকৰ মৃত্যু হৈছে আৰু লছ এঞ্জেলছৰ অৰণ্যত জুই দ্ৰুতগতিত বিয়পি পৰিছে যাৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। লগতে ৰাইজৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে।
বুধবাৰে এল এ কাউন্টিৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী এণ্টনি মেৰনে এক সংবাদমেলত কয় যে ইটনৰ অগ্নিকাণ্ডত পাঁচজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে। আনহাতে লছ এঞ্জেলছৰ পেচিফিক পেলিছাডছত অগ্নিকাণ্ডৰ সময়ত হাজাৰ হাজাৰ লোকক উলিয়াই অনা হয়। ইয়াৰ লগে লগে হাৰ্ষ্টত জুই জ্বলি উঠিছে।
এই অগ্নিকাণ্ডত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে, বৃহৎ সংখ্যক অট্টালিকা ধ্বংস হৈছে আৰু প্ৰায় ৩০ হাজাৰ লোকে ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছে হাজাৰ লোকে ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছিল খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই অগ্নিকাণ্ডত ডেৰ হাজাৰৰো অধিক অট্টালিকা ধ্বংস হৈছে। কেলিফৰ্ণিয়াৰ পাছাডেনাত ইহুদীসকলৰ উপাসনাস্থলীত অগ্নিকাণ্ড সংঘটিত হয়।
হলিউডৰ ওপৰতো প্ৰভাৱ: এই জুইয়ে আমেৰিকাৰ চলচ্চিত্ৰ উদ্যোগ হলিউডতো প্ৰভাৱ পেলাইছে। এই অগ্নিকাণ্ডৰ ফলত বেয়াকৈ প্ৰভাৱিত হোৱা কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত বহু হলিউড ষ্টুডিঅ’ আৰু শ শ চিনেমা তাৰকাৰ স্থায়ী ঘৰ। এই চলচ্চিত্ৰ তাৰকাসকলক আন নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে।
ইতিহাসৰ আটাইতকৈ ব্যয়বহুল জুই নিৰ্বাপনৰ প্ৰচেষ্টা এতিয়ালৈকে অপৰ্যাপ্ত বুলি প্ৰমাণিত হৈছে। এই জুই আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল জুই বুলি প্ৰমাণিত হ’ব পাৰে। এই জুই আৰু ইয়াৰ পিছৰ পৰিণতি নিৰ্বাপিত কৰাৰ খৰচ কোটি কোটি টকা হ’ব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া