কাঠমাণ্ডু, ০৯ জানুৱাৰী (হি.স.)। নেপালৰ এখন সংসদীয় সমিতিৰ বৈঠকত উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হয়, সভাৰ সন্মুখত সংসদীয় সমিতিৰ অধ্যক্ষক হত্যাৰ ভাবুকি দিয়ে এজন সাংসদে। এই সময়ত সভাত এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীও উপস্থিত আছিল।
বৃহস্পতিবাৰে সংসদ ভৱনত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু অসামৰিক বিমান পৰিবহণৰ সংসদীয় সমিতিৰ বৈঠকৰ সময়ত সংঘটিত হয় এই ঘটনা। সভাখন পৰিচালনা কৰে সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজকীশোৰ যাদৱে। বৈঠকৰ সময়ত নেপালৰ চৰকাৰী বিমান কোম্পানীটো লোকচান হোৱা সন্দৰ্ভত আলোচনা হয়। নেপাল মাজদুৰ কিষাণ পাৰ্টিৰ সাংসদ প্ৰেম সাৱলে শাসকীয় দলৰ সাংসদসকলে দিয়া বক্তব্যক লৈ আপত্তি দাঙি ধৰে। বাৰে বাৰে আপত্তি কৰাৰ পিছত সভাপতিত্ব কৰা ৰাজকীশোৰ যাদৱে বাধা নিদিবলৈ নিৰ্দেশ দিয়ে। এই বিষয়ত দুয়োৰে মাজত তীব্ৰ তৰ্ক-বিতৰ্ক হৈছিল। আন সাংসদসকলে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল যদিও দুয়োৰে মাজত তৰ্ক আৰু উত্তেজনা বৃদ্ধি পাইছিল।
এই সভাৰ লাইভ ভিডিঅ’ ফিডত দেখা গৈছে যে ৰাজকীশোৰ যাদৱৰ নিৰ্দেশত প্ৰেম সাৱালে সভাত প্ৰাণনাশ কৰিব বুলি ভাবুকি দিছে। খঙেৰে ভাষণ দি প্ৰেম সাৱালে সংসদীয় সমিতিৰ অধ্যক্ষক ভাবুকি দিছে আৰু লগতে তেওঁক এদিন শেষ কৰিবলৈও সকীয়াই দিছে। এই কথা তেওঁ বাৰে বাৰে আওৰাই আছে। এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজকীশোৰ যাদৱে কয় যে সাংসদ প্ৰেম সাৱলৰ আচৰণ অসংসদীয়। আগন্তুক কেইখনমান বৈঠকত তেওঁৰ আগমন নিষিদ্ধ কৰাৰ সন্দৰ্ভত আলোচনা চলি আছে আৰু শীঘ্ৰে সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ কয়।
हिन्दुस्थान समाचार / Monoj Kumar Saikia